জীৱনৰ অৰ্থ – অলকা বুজৰ বৰুৱা 

জীৱনৰ অৰ্থ

অলকা বুজৰ বৰুৱা 

টিহু , নলবাৰী

জীৱনৰ অৰ্থনো কি
আজ্ঞাবাহী এখনি নৌকা?
বতাহে যিফালেই নিয়ে
সেইফালেই যাব তাৰ পাল!
জীৱন এক সাঁথৰ
জীৱন এক সংগ্ৰাম
ঘাত প্ৰতিঘাতৰ মাজেৰে
সৰকি যায় জীৱন ডিঙা
জীৱন এক বীথিকা
য’ত সংগৃহীত হৈ আছে
হাঁহি, কান্দোন, কষ্ট,বিষাদ আৰু
মান অভিমানৰ একো একোখন
নানা ৰঙী দলিল।
ধুমুহাই য’ত খেলা কৰে অহৰ্নিশে
হয়তো কেতিয়াবা কঁপি উঠে
জীৱন বীণাৰ তাঁৰ
অজানা বাঁহীৰ সুৰত।
জীৱন নো কি
এখনি বোৱতী নৈ
জীৱন নো কি এটি অনুভৱ
সুখ আৰু দুখৰ।
“Life is not a problem to be solved
but a reality to be experience.”