জীৱনত নিৰ্ভীকতাৰ সৈতে সিদ্ধান্ত লোৱাৰ ক্ষমতা – চন্দ্ৰ শেখৰ পৰাজুলী

জীৱনত নিৰ্ভীকতাৰ সৈতে সিদ্ধান্ত লোৱাৰ ক্ষমতা
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
বৰ্তমান সময়বোৰ বহু জটিলতাৰে ভৰা। এতিয়া মানুহবোৰৰ হাতত সময়ৰ বৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে। সেয়েহে এতিয়া যিকোনো কামে এবাৰ, দুবাৰতে শুদ্ধ ৰূপত কৰাটো অত্যন্ত বাঞ্চনীয় হৈ পৰিছে। সেয়েহে আমি এতিয়া যিকোনো কাম কৰিবলৈ যাওঁতে অতি কম সময়ৰ ভিতৰতে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অত্যন্ত আবশ্যক হৈ পৰিছে নহয়নে? গতিকে এতিয়া প্ৰতিজন মানুহে যিকোনো বিষযতে নিজা জীৱনত নিৰ্ভীকতাৰ সৈতে সিদ্ধান্ত লোৱাৰ ক্ষমতা আয়ত্ত কৰিব লাগে। আচলতে আমি কোনো এটা কাম কৰিবলৈ যাওঁতে বহুত ভাবি চিন্তি ধীৰে সুস্থিৰ আগবাঢ়ি গ’লে যিকোনো কাৰ্যতে সফলতা অৰ্জন কৰিব পাৰি। কিন্তু বেছিভাগ ক্ষেত্ৰতে আমি পৰিলক্ষিত কৰিবলৈ পাওঁ যে জোখতকৈ অত্যাধিক ৰূপত কৰা চিন্তায়ে আমাৰ মনৰ মাজত অতি সহজে নাকাৰাত্ম মনোভাৱৰ সৃষ্টি কৰে। সেয়েহে যিকোনো কাৰ্য হাতত লোৱাৰ পিছত নিজৰ মনত মাজত যদি কাৰ্য সফলতাৰ দৃঢ় বিশ্বাস আছে তেন্তে আপুনি নিৰ্ভিকতাৰ সৈতে সদায় আগুৱাই যাব পাৰে। কাৰণ আপুনি কোনো কাৰ্য হাতত লোৱাৰ পিছত যদি নিজৰ মাজতে কৰো ,নকৰোঁ বুলি ভাবি বিপঙত পৰি থাকে তেন্তে আপুনি যিকোনো কাৰ্যতে সফলতা অৰ্জন কৰিবলৈ সক্ষম নহ’ব।চাওঁক এতিয়া আপুনি আনতকৈ আৰু অধিক ওপৰলৈ আগুৱাই যাওঁক বুলি বহু কম সংখ্যক মানুহে মনে প্ৰাণে বিচাৰে। সেয়েহে আপুনি যদি কিবা এটা কথা মনতে ভাবি অন্যান্য লোকসকলৰ আগত আপোনাৰ মনোভাৱ প্ৰকাশ কৰে তেন্তে নানান মানুহৰ নানান ধৰণৰ মতামত শুনি আপুনি হয়তো বৰ অবাক হৈ পৰিব। লগতে নিজৰ কোনো এক ভাল সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পৰাপক্ষত অন্য লোকৰ সহায় নোলোৱাই ভাল। কাৰণ অন্য লোকে হয়তো আপোনাক পথ ভ্ৰমিত কৰি আপুনি লোৱা সিদ্ধান্ত বা আপুনি কৰা চিন্তাবোৰ অন্যান্য লোকসকলে আপোনাৰ হুবহু নকল কৰি আপোনাতকৈ অন্য এজনে সফল ব্যক্তিলৈ পৰিগনিত হৈ পৰিব। গতিকে এতিয়াৰ সময়ত প্ৰতিটো খোজে আগ পিছ চাই থব লাগে। আপুনি যিবোৰ বিষয় লৈ মনতে ভাবি থৈছে সেইবোৰ বিষয় লৈ দিনে ৰাতি এক কৰি অহৰহ অধ্যয়ন কৰক আৰু সুব কম সময়ৰ ভিতৰতে নিৰ্ভিকতাৰ সৈতে সঠিক সিদ্ধান্ত গ্ৰহণ কৰক। আজিকালি আমাৰ দৰে  সাধাৰণ মানুহ একেটাই বিষয়তে লাগি থকাৰ সময় বহুত কম। ইয়াৰ উপৰিও দিনক দিনে আমি প্ৰতিজন মানুহৰে গঢ় আয়ু কমি কমি আহি আছে নহয়নে? সেই অনুসৰি অত্যাধুনিক সা-সৰঞ্জাম আবিষ্কাৰ হৈয়ে আছে। গতিকে এই সকলোবোৰ নতুনকৈ আবিষ্কাৰ হোৱা সা-সৰঞ্জামবোৰ সৎ ৰূপত প্ৰয়োগ কৰি অতি কম সময়তে বহু কথাবোৰ আয়ত্ত কৰি ল’ব লাগে। নহ’লে আমি পিছপৰি যাম আৰু গোটেই জগতখনে আমাৰ পৰা বহু আগুৱাই যাবগৈ। সেয়েহে ভয় নকৰাকৈ অৰ্থাৎ নিৰ্ভিকতাৰ সৈতে অতি কম সময়ৰ ভিতৰতে জীৱনত সঠিক সিদ্ধান্ত গ্ৰহণ কৰাটো আজিৰ সময়ত অপৰিহাৰ্য হৈ পৰিছে।