জীয়াই থকাৰ মানসেৰে
বিজুলতা পায়েং, গোগামুখ
বৰ ধুনীয়াকৈ সাজি-কাচি বিয়ালৈ বুলি নৱনীতাই কাষৰ বৌয়েক নীলাঞ্জনাৰ লগত ওলালেহি ।
পিছফালৰ পৰা শাহুয়েকে “এইজনী লাজ চৰম নাই । গিৰিয়েকে ৰাতিটো মদ-পানী খাই ৰাস্তাই-ঘাটে পৰি থাকে তাই আকৌ নিজক সাচোন-কাচোন কৰিবলৈ লাজ নালাগিল !তই যিমান সাজিলেও আনে তোক মদপীৰ ঘৈনীয়েক বুলিয়ে সকলোৱে ক’ব ?”
শাহুমাক ৰূপমতীৰ কথাবোৰ শুনি শুনি নৱনীতাই আজকালি কানসাৰ নকৰা হ’ল ।
“অ’ বৌ শুনিছেনে ,এনেকৈ জানো মানুহক ইতিকিং কৰে ! মই কিমান যে সহ্য কৰোঁ এতিয়া চাচোন ক’ৰবালৈ ওলোৱা সময়ত এনেবোৰ কথা ক’লে কাৰনো খং নুথিব কওকচোন?”
“হ’ব অ’ নীতা ক’বলৈ দিয়া শাহুমাক বুলি কৈছে আৰু ….”
“নীলাঞ্জনা বৌ শুনক, মোৰ মানুহটোৱে মদ খাই বুলিয়েই মই নিজক পাহৰি যামনেকি? মোৰোটো মন যায় কেতিয়াবা নিজক সমনীয়াৰ লগত হাঁহি-ধেমালি কৰিবলৈ ।সদায় মানুহটো ঘৰগোনা হৈ থাকে বুলি মই নিজক হেৰুৱাব নোৱাৰো ।মলয়েও ডাঙৰ হৈছে।সিও বুজি পোৱা হৈছে।পিতাকৰ এনে অৱস্থাই তাৰ জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে ।যিমান হ’লেও বাপেকটোক কোনোবাই মদপী বুলি ক’লে তাৰ হৃদয়খন উচুপি উঠে।কিন্তু কি কৰিব আইতাকে সদায় সদায় এনে কথা কৈ ঘৰখনত কোৰ্হাল বেছি হয়।মলয়ৰ পঢ়া শুনাত ঘৰৰ পৰিবেশে বৰকৈ বিনষ্ট কৰিছে ।মলয়ৰ কাৰণে মই নিজক জীয়াই থকাৰ উশাহটো লৈছো ,নহ’লে কেতিয়াযে কি কৰিলোঁ হয়….!
“এইবোৰ কথা ভাৱি দুখ নকৰিবা অ’ নীতা।জীৱনটো আজি আছে কালি নাই।এইকাৰণে নিজৰ জীয়াই থকাকেইদিন আমি কৰ্ম কৰি খাব লাগে।নিজে স্বাৱলম্বী হ’ব লাগে তেতিয়া ল’ৰা-ছোৱালী হালকো পো-পাল দিব পাৰিম ।”
“এইকাৰণেটো মই এতিয়া দৰজিত কাপোৰ চিলাওঁ নিজে নহ’লে এই মানুহটোক লৈ জানো কিবা ভৱিষ্যত আশা কৰিব পাৰি ! নিজৰ পুতেকক নিজৰ ভৰিত থিয় হ’বলৈ নিজেতো নিশিকালে মই কিবা কাম কৰিলেও তাইৰ গাত কিহে পোৰে জানো ! চাওক বৌ, নিজৰ পুতেকক লাই দি দি আজি একো এটা কাম নকৰি কেৱল মদ খাব নহ’লে দিনে-ৰাতিয়ে ম’বাইলটো টিপি থাকিব।কিবা খং উঠিলে মাৰপিট আৰম্ভ কৰি দিয়ে।তাই নিজে শিক্ষকতাৰ দৰে এনে পৱিত্ৰ কাম কৰি আনক জ্ঞানৰ পোহৰ বিলাই নিজৰ পুতেকক ঘৰত বহুৱাই থয়।এনেকুৱা ক’ৰবাত শুনিছেনে বাৰু ?
তোৰ শাহুমাই শুনিলে তোৰ পিটি ফালিব ?
ফালিলে ফালক সঁচা কথা ক’বলৈ ভয় নকৰো নহয় ।আগতে মই বহুত সহ্য কৰিলোঁ ।আৰু সহ্য কৰিব নোৱাৰো।তাইয়ে পুতেকক কথা লগাই লগাই ঘৰত পৰিবেশটো বিনষ্ট কৰে ।
বাইদেউ ইয়াতেনে?
ৰিক্সা চালকজনৰ মাতটো শুনি নীলাঞ্জনা বৰুৱাই মাত লগালে ” অ’ ভাইটি ইয়াতে নমাই দিয়া ।আমি বিয়া ঘৰ পালোহি “
হ’ব বাইদেউ |
কি যে আলোকসজ্জাৰে আটকধুনীয়া কৰিছে।আধুনিকতাৰ প্ৰলেপত বিয়াৰ ৰভাঘৰ চালে চকুৰোৱা। আলোকসজ্জাৰ চিকমিকনি,আটকবাজীৰ শব্দ, বিয়ানামৰ গুমগুমনি ।
বিয়া ঘৰৰ উদুলি-মুদূলি পৰিবেশত নৱনীতাই নিজৰ জীৱনৰ ধূসৰ পৃষ্ঠাবোৰ পাহৰাই তুলিবলৈ যত্ন কৰিলে। দুখৰ সীমনাত সকলো পাহৰি সকলোৰে মাজত হাঁহি-স্ফুৰ্তি কৰি ক্ষণিকৰ বাবে নিজক বিলীন কৰি দিলে ।