জিলাৰ ৰেংকিঙ ফ্ৰেমৱৰ্কত দৰং জিলাই লাভ কৰিছে তৃতীয় স্থান

জিলাৰ ৰেংকিঙ ফ্ৰেমৱৰ্কত দৰং জিলাই লাভ কৰিছে তৃতীয় স্থান

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ৩০ জুলাইত গুৱাহাটীত অনুষ্ঠিত উপায়ুক্তৰ সন্মিলনত জিলাৰ মানৰ কাঠামো (ডিষ্টিক্ট ৰেংকিঙ ফ্ৰেমৱৰ্ক)ৰ ওপৰত হোৱা আলোচনা মৰ্মে অসমৰ ৩৫ জন জিলাক ‘এ’ আৰু ‘বি’ দুটা ভাগত ভাগ কৰি নতুন কাঠামো সজোৱা হৈছে। সেই অনুসৰি ‘এ’ ভাগত ২০২৪ চনৰ বাবে ৰাজ্যখনৰ প্ৰকল্পিত জনসংখ্যাৰ ২ শতাংশতকৈ অধিক জনসংখ্যা থকা পুৰণি জিলাসমূহ থাকিব আৰু ‘বি’ ভাগত ২০২৪ চনৰ বাবে ৰাজ্যখনৰ প্ৰকল্পিত জনসংখ্যাৰ ২ শতাংশতকৈ কম জনসংখ্যা থকা জিলাসমূহ আছে। এই জিলা মানৰ কাঠামো(ডিষ্টিক্ট ৰেংকিঙ ফ্ৰেমৱৰ্ক)ত দৰং জিলাই বিভিন্ন ক্ষেত্ৰত দেখুওৱা সফলতাৰ বাবে জুলাই মাহৰ ৰেংকিঙত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে অসমৰ ৩৫ খন জিলাৰ ভিতৰত ‘এ ‘গ্ৰুপত ২৪ খন পুৰণি জিলা আৰু ‘বি’ গ্ৰুপত ১১ খন নতুন জিলাত ভাগ কৰি এই সফলতাৰ স্থানসমূহ নিৰ্ধাৰণ কৰা হৈছে। দৰং জিলাই ১০০ নম্বৰৰ ভিতৰত ৭৩.২১৬ লাভ কৰি ‘এচিভাৰ’ শাখাত তৃতীয় স্থান লাভ কৰিছে। জুলাই মাহৰ ৰেংকিঙৰ বাবে শিক্ষা, স্বাস্থ্য, জল জীৱন আঁচনি আদি বিভিন্ন ক্ষেত্ৰত ৫৯ টা সূচক সামৰি লোৱা হৈছে।