জিতু ডেকাক আপ যুৱ শক্তিৰ কাৰ্যকৰী সভাপতি নিযুক্তি
ৰঙিলী বাৰ্ত্তাসেৱা- আম আদমী পাৰ্টিৰ ৰাজ্যিক যুৱ শক্তিৰ কাৰ্যকৰী সভাপতি পদত নিযুক্তি প্ৰদান কৰা হৈছে যুৱ নেতা জিতু ডেকাক। পূৰ্বে ৰাজ্যিক যুৱ শক্তিৰ উপ সভাপতি হিচাপে দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল জিতু ডেকাই। আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ডাঃ ভবেন চৌধুৰী’’ স্বাক্ষৰিত এক নিৰ্দেশনা যোগে যুৱ শক্তিৰ কাৰ্যকৰী সভাপতি পদত জিতু ডেকাক নিযুক্তি দিয়া হয়।