জাৰজ- ইভা গন্ধীয়া ফুকন

অনুগল্প
জাৰজ
               সৰুৰে পৰা নৱমীয়ে এটা কথা লক্ষ কৰি আহিছে।তাইৰ মাকে বিয়া- সবাহ আদিত বেছিকৈ নাযায় গ’লেও মানুহৰ ভিৰ ক’ম হ’লে গৃহস্থক মাত এষাৰ দি আহেগৈ। নৱমীকো বেছিকৈ লগৰ বিলাকৰ পৰা আঁতৰাই ৰাখিব খোজে।সৰুতে লগৰ বিলাকৰ মাকহঁতে  এই জহৰা বিলাকৰ লগত নেখেলিবি বুলি তাইৰ পৰা নিজৰ ল’ৰা ছোৱালীক আঁতৰাই লৈ যায়।তাই মাকৰ কোঁচত সোমাই হুক হুকাই কান্দে।
            অলপ ডাঙৰ হোৱাত নৱমীয়ে  জহৰা ৰ অৰ্থ বুজি পালে।তাই যে সমাজৰ বান্ধোনৰ বৰ্হিভূত মিলনৰ ফল।তাই মাকক দেউতাকৰ কথা সুধিব সাহস নকৰিলে।সৰুতে মাকে নৱমীৰ জন্মৰ আগতে তাইৰ দেউতাক মৰিল বুলি কোৱা কথাটোকে মানি ল’লে। দুৰ্গা পূজাৰ নৱমীৰ দিনা তাইৰ জন্ম কাৰণে তাইৰ নাম নৱমী ৰাখিলে।
            নৱমীয়ে মাকে সমাজৰ পৰা পোৱা কৰ্কথনা, অৱহেলা দেখি আহিছে।সমাজে নাৰী গৰাকীক হে দুখ জাপি দিয়ে।কিন্তু সেই পুৰুষ জনক কোনেও দুখ দিব কিয় নিবিচাৰে?সকলো নিৰ্যাতন নাৰী আৰু জন্ম পোৱা সন্তানে কিয় পাব লাগে? মাকৰ উৎসাহ আৰু তত্বাৱধানত নৱমী সু শিক্ষিতা হৈ উচ্চ পদবীধাৰী চাকৰিয়াল হ’ল।মাকে মনত কিছু সকাহ পালে।কিন্তু জীৱন নদীৰ পাকনৈয়াত সোমাই লগা কলংক তাই ধুব নোৱাৰিলে।
                        ইভা গন্ধীয়া ফুকন