জালিমুখ বান্ধ ছমাহৰ ভিতৰত নিৰ্মাণঃ মন্ত্ৰী পীযুষ হাজৰিকা

pc- Twitter

জালিমুখ বান্ধ ছমাহৰ ভিতৰত নিৰ্মাণঃ মন্ত্ৰী পীযুষ হাজৰিকা

অনলাইন বাৰ্ত্তাসেৱা- ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ ছৈবাৰী আৰু ছটিয়াপাৰাত ভোলা আৰু কুলশী নৈৰ খহনীয়া অঞ্চল ৰাজ্যৰ তথ্য আৰু জনসংযোগ, জলসম্পদ আৰু সংসদীয় পৰিক্ৰমাৰ মন্ত্ৰী পীযুষ হাজৰিকাই পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগত পৰিদৰ্শন কৰে। ভোলা নৈয়ে বৃহত্তৰ ছৈবাৰী অঞ্চলত খহনীয়াৰ সৃষ্টি কৰি কেইবাখনো গাঁৱৰ প্ৰতি বিপদ মাতি আনিছে। কুলশী নৈয়েও তেনেদৰে চাটিয়াপাৰা, পলাহগড়, মাজগাঁও আদি অঞ্চলত ভয়াৱহ বিপদৰ সৃষ্টি কৰিছে। দুয়োখন নৈৰ গতিপথ সলনি কৰি ছমাহৰ ভিতৰতে পাৰ্কুপাইন ব্যৱস্থাৰে খহনীয়া ৰোধ কৰা হʼব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। গতিপথ সলনিৰ লগে লগে পলাহগড়ৰ পৰা উত্তৰ দিশে অহা পথটিৰো মেৰামতি তথা নিৰ্মাণ সম্ভৱ হʼব বুলি মন্তব্য কৰে।

 

(RT)