জানেনে প্ৰধানমন্ত্ৰীৰ সম্পত্তি কিমান

Pc Twitter

জানেনে প্ৰধানমন্ত্ৰীৰ সম্পত্তি কিমান

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পত্তি এবছৰত আগৰ তুলনাত বৃদ্ধি পাইছে৷২০২২ চনৰ ৩১ মাৰ্চলৈকে প্ৰধানমন্ত্ৰীৰ সম্পত্তিৰ মূল্য হৈছে ২,২৩,৮২,৫০৪ টকা৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৱেবছাইটত আপল’ড কৰা তথ্যৰ পৰা এই কথা জানিব পৰা গৈছে৷প্ৰধানমন্ত্ৰীৰ সম্পত্তিৰ বিষয়ে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্যত এই কথা প্ৰকাশ পাইছে৷মোডীৰ সম্পত্তি এবছৰত আগৰ তুলনাত ২৬.১৩ লাখ টকা বৃদ্ধি পাইছে৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পত্তি বেছিভাগ বেংকত জমা হৈ থকা ধন৷কিন্তু তেওঁৰ কোনো স্থাৱৰ সম্পত্তি নাই৷কোনো ব’ণ্ড, শ্বেয়াৰ বা মিউচুৱেল ফাণ্ডত তেওঁ বিনিয়োগ কৰা নাই৷তেওঁৰ নিজৰববীয়াকৈ নাই কোনো যান-বাহন৷প্ৰধানমন্ত্ৰী মোদীৰ চাৰিটা সোণৰ আঙুঠি আছে, যাৰ মূল্য ১.৭৩ লাখ টকা।প্ৰধানমন্ত্ৰীৰ ওচৰত ৩১ মাৰ্চ, ২০২২ লৈকে মুঠ নগদ ৩৫,২৫০ টকা আছে আৰু ডাকঘৰৰ ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ ৯,০৫,১০৫ টকা আৰু জীৱন বীমা আঁচনি ১,৮৯,৩০৫ টকা আছে।মোডীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে আৱাসিক ভূমি ক্ৰয় কৰিছিল আৰু ইয়াত আন তিনি জনৰো সমান অংশীদাৰত্ব আছে।কিন্তু গান্ধী নগৰত তেওঁৰ অংশত থকা মাটি তেওঁ ইতিমধ্যে দান কৰিছে৷