জাতীয় শিক্ষানীতিৰ বিৰুদ্ধে প্ৰতিবাদ

pc Times of india

জাতীয় শিক্ষানীতিৰ বিৰুদ্ধে প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজহুৱা শিক্ষা  ব্যৱস্থা ৰক্ষা কৰা আৰু শিক্ষাৰ মাচুল বৃদ্ধি, ব্যক্তিগতকৰণ, বাণিজ্যিকীকৰণ, কেন্দ্ৰীকৰণ, সাম্প্ৰদায়িকীকৰণ আৰু শিক্ষাৰ বৃত্তিগতকৰণৰ  আৰু জাতীয় শিক্ষা নীতি 2020-ৰ বিৰুদ্ধে অল ইণ্ডিয়া ডেমোক্ৰেটিক ষ্টুডেণ্টছ অৰ্গেনাইজেচন (এআইডিএছঅ’)ৰ উদ্যোগত নতুন দিল্লীৰ যন্তৰ মন্তৰত আজি প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এআইডিএছঅ’ৰ সাধাৰণ সম্পাদক সৌৰভ ঘোষৰ লগতে বিভিন্ন ৰাজ্যৰ ছাত্ৰ নেতাসকলে জাতীয় শিক্ষা নীতি ২০২০ ৰ বিভিন্ন সৰ্বনশীয়া দিশ উন্মোচন কৰি বক্তব্য দাঙি ধৰে । এআইডিএছঅ’ৰ সৰ্বভাৰতীয় সভাপতি ভি.এন. ৰাজশ্বেখৰে প্ৰতিবাদী সভাত সভাপতিত্ব কৰে। দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতাসকলেও ধৰ্ণাত বক্তব্য দাঙি ধৰে। সচ্চিদানন্দ সিনহা , অল ইণ্ডিয়া ছেভ এডুকেচন কমিটীৰ সাধাৰণ সম্পাদক সহ বহুতো বিশিষ্ট বুদ্ধিজীৱিয়ে তেওঁলোকৰ মূল্যৱান বাৰ্তা প্ৰেৰণ কৰি  এআইডিএছঅ’ৰ প্ৰচেষ্টাৰ প্ৰতি সমৰ্থন ব্যক্ত কৰে ।এআইডিএছঅ’ৰ সাধাৰণ সম্পাদক সৌৰভ ঘোষে  কয় যে ৰাজহুৱা শিক্ষা ধ্বংস কৰিবলৈ এনইপি ২০২০ অনা হৈছে। আৰম্ভণিৰে পৰা, এআইডিএছঅ’য়ে এই নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে।এনইপি ২০২০ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আজি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰীৰ গোটে ব্যয়বহুল শিক্ষা আৰু কেন্দ্ৰীয় চৰকাৰৰ সকলো শিক্ষা বিৰোধী নীতিৰ বিৰুদ্ধে শ্ল’গান দি যন্তৰ মন্তৰত উপস্থিত হয়। শিক্ষাৰ্থীসকলে বিভিন্ন ৰাজ্যৰ ৰাজধানীৰ লগতে অসমৰ বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰে৷ অল ইণ্ডিয়া বি এছ অ’ৰ সৰ্বভাৰতীয় সভাপতি ভি এন ৰাজশ্বেখৰৰ নেতৃত্বত এক প্ৰতিনিধি দলে শিক্ষা মন্ত্ৰণালয়ক এখন স্মাৰকপত্ৰ দাখিল কৰে। এআইডিএছঅ’য়ে সমগ্ৰ দেশতে স্বাক্ষৰ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰে আৰু জাতীয় শিক্ষা নীতি ২০২০ৰ বিৰুদ্ধে এক কোটি স্বাক্ষৰ সংগ্ৰহ কৰাৰ কথা ঘোষণা কৰে।