” জাতীয় পতাকাৰ ইতিবৃত্ত “
। । । । দেব_দেৱীৰ ওচৰত ভক্তৰ যেনেকৈ শিৰ অৱনত হয় ’ ঠিক তেনেকৈ প্ৰত্যেক জাতিৰে নিজৰ জাতীয় পতাকাখনৰ ওচৰতো তদ্ৰুপভাৱ জাগ্ৰত হয় ৷ কিন্ত বৈদেশিক শাসন নীতিত পৰাধীন জাতি বিলাকে জাতিয় পতাকানো কি ’ তাৰ সন্মান বা আসন কিমান উচ্চ তাক উপলব্ধি কৰিব পৰা নাছিল ৷
।। ভাৰতবৰ্ষও আছিল ঠিক তেনেকুৱা এখন দেশেই ৷ ভাৰতবাসীয়ে ব্ৰিটিছ পতাকা য়ুনিয়ন জেককে নিজৰ পতাকা হিচাবে মানি আহিছিল যদিওঁ পতাকা অভিবাদনৰ গুৰুত্ব বহুতে উপলব্ধি কৰিব পৰা নাছিল ৷ আনকি ভাৰতীয় জাতীয় কংগ্ৰেছ মহাসভাৰ অধিবেশনবোৰতো প্ৰায় অৰ্দ্ধ শতিকা ধৰি য়ুনিয়ন জেক উওোলন কৰি আহিছিল ৷
— ।এবাৰ এজন ভাৰতীয় যুবক আমেৰিকালৈ যাওঁতে জাহাজৰ আৰোহী জাপানী যুৱক এজনে অতি ভদ্ৰ আৰু বিনীতভাৱে নিজ দেশৰ পতাকাখন দেখুৱাই সুধিলে _” আমাৰ জাতীয় পতাকা এনেকুৱা ৷ আপোনালোকৰ কেনেকুৱা অনুগ্ৰহ কৰি কবনে “? যুৱকজনে একো উওৰ দিব নোৱাৰি মৰ্মান্তিক আঘাট পালে আৰু নিজৰ দেশ যে দাসত্ত্বৰ অধীনত তাক তীব্ৰ ভাবে অনুভব কৰিলে ৷ তেনেদৰে কোনোবা ভাৰতীয়লোক স্বাধীন দেশত ফুৰিবলৈ গ’লে এনেধৰণৰ প্ৰশ্নৰ সন্মুখীন হব লগা হৈ হৈছিল ৷
। ১৯০৫ চনত ইংলেণ্ড আৰু ফ্ৰান্সলৈ শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা কেইজনমান দেশ প্ৰেমীক ভাৰতীয় যুৱকে তিনি ৰঙৰ পতাকা এখনৰ আঁচনি কৰি তাকেই ভাৰতীয় জাতীয় পতাকা বুলি ঘোষনা কৰিলে ৷ কিন্ত ভাৰতীয়সকলৰ পৰা আশা কৰা ধৰণে কোনো সমৰ্থন নাপালে ৷ ইয়াৰ মুলতে হৈছে য়ুনিয়ন জেকৰ সলনি যে অন্য কিবা পতাকা থাকিব পাৰে সেই কথাটো ভাৰতীয় সকলৰ বাবে বুজাটো কঠিন হৈ পৰিছিল ৷ কিন্ত তেওঁলোক সিমানতে ক্ষান্ত নাথাকি মনত অদম্য উৎসাহ লৈ ৰাজনীতিৰ ক্ষেএখনত মন দিবলৈ ধৰিলে ৷ তেনে সময়তে ১৯১৬ চনত কেইজনমান বিঞ্জ ৰাজনীতিকৰ মনতো জাতীয় পতাকাৰ ভাৱৰ ঢৌ খেলালে ৷ তেওঁলোকেও বহু ৰঞ্জিত আৰু বহু চিএিত পতাকা এখনৰ আঁচনি কৰিলে যদিও সেইখনো সৰ্বসন্মত নহ’ল ৷ অৱশেষত বেজৱাদাত হোৱা কংগ্ৰেছ মহাসভাৰ ১৯২১ চনৰ অধিবেশনত জাতীয় পতাকাৰ প্ৰশ্নটিয়ে ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি কৰে ৷ তেতিয়া মহাত্মা গান্ধীয়ে জাতীয় পতাকা এখনৰ আঁচনি কৰি সেই সভাত দাখিল কৰে ৷৷
…. কুৰি শতিকাৰ দ্বিতীয় দশকৰ শেষ আৰু তৃতীয় দশকৰ আৰম্ভণীি অৰ্থাত ১৯২০_২১ চনত গোটেই পৃথিৱীতে এক অভাৱনীয় যুগৰ প্ৰৱৰ্তন হয় ৷ সেই সময়ত প্ৰত্যেক জাতিয়ে নিজৰ শক্তি ৰ প্ৰভাবেৰে জাতীয় উন্নতিৰ হকে সমগ্ৰ দেশবাসীৰ শক্তিক একএ কৰিবৰ বাবে এজন নেতাৰ প্ৰয়োজন অনুভৱ কৰে ৷ সেই সময়তে মহাত্মাগান্ধীয়ে ভাৰতবৰ্ষত নতুন আদৰ্শ আৰু উদ্যমেৰে তেওঁৰ কৰ্মপন্থাৰ অভিনৱ কাৰ্য্যসুচীৰ এখন তালিকা দেশবাসীক দেখুৱালে ৷ ৷ সকলোৱে ইয়াক সমৰ্থন কৰি তেওঁৰ নেতৃত্বক মানি লবলৈ স্বীকাৰ কৰিলে ৷ ১৯৩১ চনৰ আগষ্ট মাহৰ ৮ তাৰিখলৈকে যি জাতীয় পতাকা উৰিছিল তাৰ আৰম্ভণি আছিল। ১৯২১ চন ৷ ভাৰতীয় কুটিৰ শিল্প সম্পদক উচ্চ স্হানত ৰাখি ’ লগতে শিল্পৰ প্ৰাধান্যক প্ৰমান কৰিবলৈ ’ বগা ’ সেউজীয়া ’ আৰশ ৰঙা ’ । এই তিনি ৰঙৰ হাতে কটা সুতাৰ দ্বাৰা তৈয়াৰী পতাকাখনৰ মাজত যঁতৰৰ প্ৰতিকৃতি অংকিত কৰা হ’ল ৷ কিন্ত কংগ্ৰেছ সভাত এই পতাকাখন স্বীকৃতি হিচাবে গৃহিত হোৱা নাছিল যদিওঁ ১৯২১ চনৰ আহমেদাবাদ কংগ্ৰেছ দিন ধৰি প্ৰত্যেক কংগ্ৰেছ অধিবেশনত এই পতাকা উওোলন কৰা হয়আৰু তেতিয়াৰ পৰা সকলো জাতীয় অনুষ্ঠাননতে য়ুনিয়ন জেকৰ প্ৰভাৱ কমি আহিল ৷ ইয়েই হৈছে ভাৰতবাসীৰ মনত উদয় হোৱা গভীৰ দেশাত্মবোধ ভাৱৰ উদগণি আৰু স্বাধীনতাৰ বাবে উদ্ভৱহোৱা আশা আকাঙক্ষাৰ শ্ৰেষ্ঠ নিদৰ্শন ৷ অন্যফালে এই পতাকাখনক লৈ নানাজনে বিভিন্ন কাৰণৰ পৰা সাম্প্ৰদায়িক কন্দল সৃষ্টি কৰাত উঠি পৰি লাগিল ৷ ১৯৩১ চনৰ ফৰাচী কংগ্ৰেছৰ প্ৰস্তাৱ অনুযায়ী ৭ জন সভ্যৰে কমিটী এখন গঠন কৰি পতাকাৰ আসোঁৱাহ বিলাকৰ সমাধান আৰু সকলো জাতি বৰ্ণ নিৰ্ব্বিশেষে গ্ৰহণ কৰিব পৰা এখন পতাকা প্ৰস্তুত কৰাৰ দায়িত্ব দিয়া হ’ল ৷ কিন্ত তেওঁলোকে আঁচনি কৰা পতাকাখনো বম্বেত বহা জাতীয় মহাসভাৰ অধিবেশনত সভ্যসকলৰ মনোমত নহ’ল ৷
শেষত সিদ্ধান্ত হ’ল যে পতাকাখন তিনি ৰঙৰে হ’ব ’ ওপৰত হালধীয়া ’ মাজত বগা আৰু তলভাগ সেউজীয়া ৷ মাজত নীলা ৰঙেৰে যঁতৰৰ ছবি থাকিব লাগিব ৷ পতাকাৰ বিবিধ ৰঙে ভাৰতীয় কোনো সম্প্ৰদায়ৰ অৰ্থ প্ৰকাশ নকৰিব ’ বিশেষ গুণৰহে পৰিচয় দিব ৷ যেনে _ ’ হালধীয়া _ সাহস আৰু ত্যাগ ’ বগা_ ’ সত্য আৰু আৰু শান্তি ’ ’সেউজীয়া _ ’ ভক্তি আৰু বীৰত্ব ৷ যঁতৰৰ নিদৰ্শন হ’ব ’ জাতীয় পৰিপুষ্টি আৰু ৩ঃ২ অনুপাতে দীঘল আৰু বহল হ’ব লাগিব ৷ জাতীয় মহাসভাৰ কাৰ্য্যনিৰ্বাহক সমিতিয়ে এই পতাকাত মোহৰ অংকিত কৰিলে ৷ ইয়াৰ প্ৰচলন গোটেই ভাৰতত বিয়পি পৰাৰ লগতে জাতীয় ৰাজ্যবোৰতো দহ বছৰমান চলিল ৷ ইয়াৰ মাজতো ভাৰতৰ মুক্তি যুদ্ধত দেহে _ কেহে লগা জাতীয় কংগ্ৰেছ পতাকাখন গ্ৰহণ কৰাত শিথিলতাৰ ভাব দেখুৱাইছিল ৷ সুদীৰ্ঘ দহ বছৰ ধৰি নানা আৰু ভক্তি জাগ্ৰত হৈছে আৰু প্ৰয়োজন হ’লে দেশবাসী জাতীয়তাৰ বাবে আত্মবলিদান দিবলৈও প্ৰস্তুত আছে ’ তেতিয়াহে আলোচনা _ সমালোচনাৰ অন্ততহে পতাকাখন গ্ৰহণযোগ্য বুলি বিবেচিত হ’ল ৷ ৷ কংগ্ৰেছে যেতিয়া উপলব্ধি কৰিলে যে জাতীয় পতাকাৰ প্ৰতি ভাৰতবাসীৰ সন্মানআৰু ভক্তি জাগ্ৰত হৈছে আৰু প্ৰয়োজন হ’লে দেশবাসী জাতীয়তাৰ বাবে আত্মবলিদান দিবলৈও প্ৰস্তুত আছে ’ তেতিয়াহে কংগ্ৰেছে জাতীয় পতাকাখন স্বীকাৰ কৰি কংগ্ৰেছৰ নিজা পতিকা বুলি ঘোষণা কৰিলে ৷
( আৱাহন আলোচনীৰত প্ৰাণেশ্বৰ শৰ্মা দেৱৰ প্ৰবন্ধ পঢ়ি সংগ্ৰহ কৰা )