জাতিৰ পিতা – নিতিস্মান দাস সপ্তম শ্রেণী

pc Pinterest

জাতিৰ পিতা

-নিতিস্মান দাস
সপ্তম শ্রেণী

ভাৰতৰ ভূমিত তুমি লভিলা জনম,

জাতিৰ হিতৰ বাবে কৰিলা কৰম।

মাতৃ পুতলি বাই, পিতৃ কৰমচান্দ,

তুমি হয় জাতিৰ বাবে পৰমানন্দ।

হাতত লোৱা লাঠী, ৰাখা হাস্যমুখ,

আঁতৰালা সকলোৰে বেজাৰ আৰু দুখ

তুমি হৈছা ভাৰত বৰ্ষৰ মহান আত্মা,

সেই বাবে সকলোৱে তোমাক মাতে মহাত্মা।

বিলাতত গৈ তুমি আইন শিক্ষা ল’লা,

উকালতিৰে কৰ্ম জীৱন আৰম্ভ কৰিলা।

স্বাধীন ভাৰতৰ সপোন দেখিলা,

ইয়াৰ বাবে তুমি উপায় চিন্তিলা।

অহিংসাৰ নীতিৰে ব্ৰিটিছক জিনিলা,

বিদেশী বস্ত্র ত্যাগী খাদী পিন্ধিলা।

তোমাৰ বাবে আমি স্বাধীনতা পালোঁ,

তোমাৰ চৰণত শত-কোটি প্রণাম জনালোঁ।