জল জীৱন মিছন সম্পৰ্কে মুখ্য সচিবৰ পৰ্যালোচনা
গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ মুখ্য সচিব ড০ ৰবি কোটাই যোৱা ১০ জুন তাৰিখে জনস্বাস্থ্য কাৰিকৰী বিভাগ, জল জীৱন মিছনৰ বিষয়াসকল আৰু কেইবাগৰাকী জিলা আয়ুক্তৰ উপস্থিতিত অসমত জল জীৱন মিছন আৰু সম্পৰ্কিত নলীযুক্ত পানী যোগান প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে।পৰ্যালোচনাৰ সময়ত এইটো উল্লেখ কৰা হৈছে যে বৰ্তমানলৈকে ১৪,১৫১ খন নলীযুক্ত পানী যোগান আঁচনি সম্পূৰ্ণ কৰা হৈছে আৰু এই আঁচনিসমূহৰ ভিতৰৰ ১২,১০৯ খন আঁচনি কাৰ্যক্ষম আৰু পৰিচালনাৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক হস্তান্তৰ কৰা হৈছে। বৈঠকত এইটোও কোৱা হৈছে যে এই আঁচনিসমূহৰ বহনক্ষমতা সুনিশ্চিত কৰিবলৈ আঁচনিসমূহৰ কাম-কাজৰ বাবে দায়বদ্ধ সংশ্লিষ্ট পানী ব্যৱহাৰকাৰী কমিটীৰ দ্বাৰা ৯,৫৩৭ গৰাকী জলমিত্ৰক নিয়োগ কৰা হৈছে। তদুপৰি ১৫,৯৬৭ গৰাকী জলমিত্ৰক প্ৰশিক্ষণ দিয়া হৈছে আৰু জলমিত্ৰসকলৰ বাবে উপযুক্ত ইউনিফৰ্ম আৰু সা-সঁজুলিও উপলব্ধ কৰা হৈছে।উল্লেখযোগ্য যে জলজীৱন অভিযান যি সময়ত ঘোষণা কৰা হৈছিল সেই সময়ত আমাৰ ৰাজ্যখনত মাত্ৰ ১.৬ শতাংশ (১.১ লাখ FHTC) গ্ৰাম্য পৰিয়ালেহে খোৱাপানীৰ সুবিধা লাভ কৰিছিল। সেই সময়ত ৰাষ্ট্ৰীয় গড় আছিল ১৭ শতাংশ।ক’ভিড-১৯ৰ বাবে ক্ষতিগ্ৰস্ত হোৱা প্ৰায় দুটা বছৰসহ বিগত ৪.৫ বছৰত আজিলৈকে গ্ৰাম্য পৰিয়াললৈ পানী যোগান ব্যৱস্থাটোৱে ৰাজ্যখনত ৭৯ শতাংশ (৫৬.৫ লাখ FHTC) পৰিয়ালক সামৰি লৈছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় গড় হ’ল ৭৭ শতাংশ। পৰ্যালোচনা বৈঠকত এই ক্ষেত্ৰত লেহেমীয়া অগ্ৰগতি লাভ কৰা জিলাসমূহে চলিত বিত্তীয় বৰ্ষত নিৰ্ধাৰিত লক্ষ্য অনুসৰি সময়মতে আঁচনিখন সম্পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰে। বৈঠকত মুখ্য সচিবগৰাকীয়ে আঁচনি ৰূপায়ণৰ লগত জড়িত নিম্নমানৰ কাম প্ৰদৰ্শন কৰা ঠিকাদাৰসকলৰ বেংক প্ৰত্যাভূতি বাজেয়াপ্তসহ তেওঁলোকৰ কাম বাতিলৰ নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰৰ অন্যান্য বিভাগসমূহত ঠিকাৰ কামত নিয়োজিত হোৱাৰ পৰা এই ঠিকাদাৰসকলক বাৰণ কৰাৰ বাবে কাৰ্যব্যৱস্থা ল’বলৈও তেওঁ নিৰ্দেশ দিয়ে।