জল জীৱন আঁচনিৰ জৰিয়তে ২০২৪ ভিতৰত ৬ লাখ পৰিয়ালে বিশুদ্ধ খোৱাপানী পাব

pc- pratidin times

জল জীৱন আঁচনিৰ জৰিয়তে ২০২৪ ভিতৰত ৬লাখ পৰিয়ালে বিশুদ্ধ খোৱাপানী পাব

অনলাইন বাৰ্ত্তাসেৱা- ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰীয়ে সংবাদমেলযোগে ঘোষণা কৰে যে ২০২৪ৰ ভিতৰত জল জীৱন আঁচনিয়ে ৰাজ্যৰ ৬৩ লাখ পৰিয়ালক সাঙুৰি লʼব আৰু তেওঁলোকে বিশুদ্ধ খোৱাপানী লাভ কৰিব। হেঙৰাবাৰীস্থ মুখ্য কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সংবাদমেলত মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে মন্তব্য কৰে যেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ দৰিদ্ৰ জনসাধাৰণক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰী মোডীয়ে এই কথা গভীৰ ভাৱে উপলব্ধি কৰে যে গৃহ আবণ্টন দিলেই নহʼব সেয়ে তেওঁ উজ্জলা আঁচনিৰ জৰিয়তে ৰন্ধন গেছৰ ব্যৱস্থা কৰে। জল জীৱন আঁচনিৰ জৰিয়তে দেশজুৰি বিশুদ্ধ খোৱাপানী যোগান আঁচনি ৰূপায়ণৰ দিহা কৰিছে। প্ৰধানমন্ত্ৰীৰ এই আঁচনিয়ে অসমৰ ৬৩.৩৫ লাখ পৰিয়ালক সাঙুৰি লʼব। ২০২৪ ভিতৰত এই আঁচনি ৰাজ্যত সম্পূৰ্ণৰূপে ৰূপায়ণ কৰা হʼব।

 

(RT)