চ’তৰ বতৰা
ফাগুনে চ’তক ক’লে বহাগক আনাগৈ বুলি,
শীতৰ নিয়ৰো শেষ, শেষ হ’ল মাঘৰ ভাগৰ,
পলাশেও ৰঙা হৈ কানে কানে ক’লে–
চিপচিপ বৰষুণ, মাৰগ’ল ফাগুনৰ ধুলি ।
শিপিনীৰ তত নাই চ’তৰ মাহত
জাতিৰ চিনাকি মাথো তাঁতৰ শালত।
ঢোল, তাল, পেঁপা বাজে, বনত কুলিয়ে মাতে
ৰাতি ৰাতি কেতেকীৰ কৰুণ বিননি
চ’তৰ দোমাহী আহি নিচেই কাষত
জাতিটোক দিলেহি জাননী ।
ফাগুনৰ কথা শুনি চ’তে ক’লে ভাৱিগুনি
বহাগ আহিব মাথো গৰকাৰ মাত শুনি,
‘ আশী সূতাৰ মহুৰা, কেতেকীৰ মাকো
দীঘত বাণীৰ সূতায়েই চ’ত বহাগৰ সাঁকো’।
বহাগে জনালে মোক দোমাহীতে পণ ল’ব বুলি,
শালেকটা বিহুৱানে আঁতি আঁতি পাগ মাৰি
কৰিব নতুন দিন ৰঙেৰে ৰঙালী
কঁকালত বান্ধি লৈ ফুলাম টঙালি –
জয়ন্ত শৰ্মা