জম্মু-কাশ্মীৰৰ ডোডাত পিষ্টল, সজীৱ গুলীসহ এজন সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

জম্মু-কাশ্মীৰৰ ডোডাত পিষ্টল, সজীৱ গুলীসহ এজন সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- নিৰাপত্তাৰক্ষীয়ে জম্মু-কাশ্মীৰৰ ডোডাত এজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত গৰাকী ডোডাৰ বাসিন্দা ফৰীদ আহমদ বুলি চিনাক্ত কৰা হৈছে। অভিযুক্ত গৰাকীৰ পৰা পিষ্টল, ১৪ টা সজীৱ গুলীআৰু এটা মোবাইল ফোন উদ্ধাৰ কৰা হৈছিল।প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে আহমদক ডোডাত আৰক্ষী জোৱানক আক্ৰমণ কৰাৰ দায়িত্ব দিয়া হৈছিল।