জন্ম শতবৰ্ষৰ অফুৰন্ত শ্ৰদ্ধাৰ্ঘ্য -ড° পৰিধি শৰ্মা

জন্ম শতবৰ্ষৰ অফুৰন্ত শ্ৰদ্ধাৰ্ঘ্য 

( 1924 – 2024)

[ড° বিনয় কুমাৰ তামূলী – প্ৰজ্ঞা , 

প্ৰতিভা আৰু সততাৰ সুৱাগী সৎ পুৰুষ ]

ড° পৰিধি শৰ্মা,

দিল্লী বিশ্ববিদ্যালয়

( গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ স্বনামধন্য প্ৰাক্তন মুৰব্বী অধ্যাপক প্ৰয়াত ড° বিনয় কুমাৰ তামূলী ছাৰৰ আজি ২৯ জুলাই , ৯৮ সংখ্যক জন্মবাৰ্ষিকীৰ উপলক্ষত সোৱঁৰণ )

প্ৰথিতযশা সাহিত্যিক নিৰুপমা বাইদেউ ৰ ( বৰগোহাঞি) সমাদৃত উপন্যাস ” সেই নদী নিৰৱধী” ৰ পাগলাদিয়াৰ পাৰৰ শিমলীয়া গাৱঁত মানুহজনৰ জন্ম হৈছিল ১৯২৪ চনৰ আজিৰ দিনটোতে৷ ( এইখিনিতে কৈ থওঁ যে ড° বিনয় তামূলী নিৰুপমা বৰগোহাঞি বাইদেউৰ জেষ্ঠ ভাতৃ ) দেউতাক যাদৱ চন্দ্ৰ তামূলী আছিল এজন গান্ধীবাদী সৎ ব্যক্তি৷

সৰুৰ পৰা অমায়িক আৰু সততা আৰু বিনয়ী গুণৰ বাবেই দেউতাকে৷লৰাটোৰ নাম ৰাখিছিল ” বিনয়”৷

সঁচাকৈ নামেই যাৰ পৰিচয়৷ সততা আৰু বদ্যানতাৰ যি আছিল এক অপূৰ্ব নিদৰ্শন৷

এটা সময়ত লৰাজন ডেকা হল ৷ আগ্ৰহ বাঢ়িল গণিতৰ প্ৰতি ৷ মন মেলিলে PURE MATHEMATICS ( বিশুদ্ধ গণিত) অধ্যয়ণ কৰাৰ ৷ সেই মৰ্মেই এদিন কটন কলেজৰ পৰা গৈ কলিকতাৰ ” St .Xavier ’s College” ৰ পৰা গণিতৰ স্নাতক ডিগ্ৰী (B.sc) লৈ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বিশুদ্ধ গণিত ত এম এছ চি (M.sc) ডিগ্ৰী লাভ কৰে সুখ্যাতিৰে৷

এৰা কলিকতা বিশ্ববিদ্যালয়ত প্ৰখ্যাত অধ্যাপক গণিতজ্ঞ Prof .F W Levi ৰ লগত অকলেই Abstract Algebra ( বিমূৰ্ত বীজগণিত) পঢ়ি সুখ্যাতিৰে M.sc ডিগ্ৰী লোৱা এই মেধাৱী ছাত্ৰজনেই আছিল প্ৰফেছৰ বিনয় কুমাৰ তামূলী৷ মানুহজন আজি এই পৃথিৱীৰ পৰা বিদায় লোৱা আজি ১৬ বছৰ হৈ গল তথাপি এখেতৰ গুণ গৰিমা আজিও প্ৰাসংগিক সকলোৰে মাজত৷ পাহৰিব নোৱাৰে এওঁক যিসকলে জানে এওঁক৷

অসমৰ বহু কলেজত শিক্ষকতা কৰি দুবছৰমান কটন কলেজত শিক্ষকতা কৰাৰ পাছত এদিন বিনয় তামূূূূলী গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক হলহি৷ তাৰ পাছত তেওঁ পি এইচ ডি ও লাভ কৰিলে ” Topic = Group and Wreath Products” শীৰ্ষক গৱেষণাৰ বাবে বিশুদ্ধ গণিতত৷

এইখিনিতে কওঁ যে ১৯৫৩ চনত ড° বিনয় কুমাৰ তামূলী য়ে ASSAM CIVIL SERVICE (ACS) পৰীক্ষাত প্ৰথম হোৱা স্বত্বেও কিন্তু গণিতৰ প্ৰতি থকা আকৰ্ষণৰ বাবেই তেওঁ ৰাজপত্ৰিত বিষয়াৰ লোভনীয় চাকৰিও হেলাৰঙে প্ৰত্যাখ্যান কৰিছিল৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী ৰ দায়িত্ব লোৱাৰ পাছত ড° তামূলী য়ে বিশ্ববিদ্যালয়ৰ গণিতৰ পাঠ্যক্ৰমৰ সালসলনি কৰিবলৈ ললে৷ নতুন নতুন বীজগণিতৰ অভিনৱ শাখা গণিতৰ পাঠ্যক্ৰমত সন্নিবিষ্ট কৰিবলৈ ললে৷ তাৰ ভিতৰত ” GROUP THEORY” , ” NEAR RING THEORY ” ৰ দৰে MODERN ALGEBRA ৰ বিষয়বোৰ উল্লেখযোগ্য৷

উল্লেখনীয় যে সেই সময়ত Modern Algebra ৰ এনে নিত্য নতুন শাখা ভাৰতৰ মাত্ৰ দুখনমান বিশ্ববিদ্যালয়ত হে সংযোজিত হৈছিল৷ ইয়াৰ ওপৰিও ড° বিনয় তামূলীয়ে কেইবাখনো গণিতৰ সমাদৃত গ্ৰন্থ লিখি থৈ গৈছে৷ তাৰ ভিতৰত ” A short Introduction to Theory of Algebra” , Contemporary Algebra” আদি৷ “ভিন্ন সুৰীয়া” তেখেতৰ অনুপম গল্প সংকলন৷

প্ৰায় ১০ বছৰতকৈ অধিককাল গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক হৈ থাকি গণিত বিভাগত গৱেষণাৰ পাতনি মেলা ড° বিনয় কুমাৰ তামূলীয়ে৷১৯৮৫ চনত বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ অৱসৰৰ পাছৰ সময়ত তেওঁ গুৱাহাটীস্থিত Institute of Advanced Study in Science and Technology (IASST) ৰ সঞ্চালক পদতো অধিস্থিত হৈছিল৷

এইখিননিতে মোৰ মনলৈ আহিছে বিনয় কুমাৰ তামূলী ছাৰৰ সততা আৰু বদান্যতা সম্পৰ্কে তেওঁৰ ভগ্নী সাহিত্যিক নিৰুপমা বৰগোহাঞি বাইদেৱে কোৱা দুটামান কথা ৷

বিভিন্ন সময়ত নিৰুপমা বাইদেৱক তেখেতৰ খাৰঘূলীস্থিত ঘৰত লগ পাওঁতে বিভিন্ন কথাৰ মাজত বিনয় কুমাৰ তামূলী ৰ কথা ওলাবই ওলাব৷ ককায়েকৰ কথা ওলালে নিৰুপমা বাইদেৱে বৰ ভাল পায় আৰু মোক কয় ৷ ”

জানানে পৰিধি , দাদা ৰ এখন বগা ৰঙৰ ফিয়েট গাড়ী আছিল সেইখনেৰে তেওঁ বিশ্ববিদ্যালয়লৈ অহা যোৱা কৰে৷ গুৱাহাটীৰ যোৰপুখুৰীৰ পাৰৰ ঘৰৰ পৰা জালুকবাৰীলৈ আহোঁতে বাটে বাটে মানুহ উঠাই লৈ আহে৷ যেন ভাৰা মৰা গাড়ীহে৷ আৰু যেতিয়া দাদাই নিজাকৈ গোটানগৰস্থিত পদুমবড়ীত নিজাকৈ ঘৰ বান্ধিলে তেতিয়া সেই তাৰ পৰা বিশ্ববিদ্যালয়লৈ যোৱাৰ পথত বাটত লগ পোৱা মূৰত মাছৰ পাছি লৈ মাছ বেছা তিৰোঁতা বোৰ তুলি লৈ নিজৰ গন্তব্যস্থানত নমাই দিয়েগৈ৷ মুঠতে দৰিদ্ৰ অসহায় মানুহৰ বাবে দাদা আছিল সাক্ষাৎ ভগৱানৰ দৰে৷” ৷ মোৰ আছৰিত লাগে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিতৰ মুৰব্বী অধ্যাপক এজনে নিজৰ গাড়ীত মাছ বেছা মানুহক উঠাই উঠাই আনি বজাৰত নমাই দিয়েহি৷ সঁচাকৈয়ে কি যে এক মানুহ আছিল এই বিনয় কুমাৰ তামূলী৷

বহু লোকে ড° বিনয় কুমাৰ তামূলীক তেখেতৰ পৰোপকাৰী গুণৰ বাবে নাম দিছিল ” ফাদাৰ টেৰেছা” ৷ কিমান সততা আৰু পৰোপকাৰী গুণৰ অধিকাৰী হলে এজন ব্যক্তিক মানুহে ” ফাদাৰ টেৰেছা” নাম দিব পাৰে৷ সেই কথা পঢ়ুৱৈ সকলে নিজেই অনুধাৱন কৰি লব৷

বিনয় কুমাৰ তামূলী ৰ সম্পৰ্কত তেওঁৰে একালৰ কৃতি ছাত্ৰ ( কটন কলেজত ) পাছলৈ সহকৰ্মী গুৱাহাটী বিশ্ববিদ্যালয়ৰে গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী তথা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন বিজ্ঞান গুৰু ড° বুদ্ধ প্ৰসাদ চেতিয়া ছাৰক সুধোতে ড° চেতিয়া ছাৰে কৈছিল যে, ” তামূলী ছাৰ এনে এজন মানুহ যাৰ সততা আৰু বিনয়ৰ ওচৰত সকলো লোকেই বিমোহিত হৈছিল৷ নিজৰ দৰমহাটোৰ কিছু অংশ নিজৰ বাবে ৰাখি বাকিখিনি তেওঁ গাওঁৰ দৰিদ্ৰ লোকৰ মাজত ভগাই দিছিল৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগ আজিও তামূলী চাৰৰ ওচৰত চিৰকৃতজ্ঞ৷”

ড° বিনয় কুমাৰ তামূূূূলী ছাৰৰ উদ্যোগতেই মালীগাৱঁৰ নামবাৰী কলনিত দৰিদ্ৰ সকলৰ লৰা ছোৱালী বোৰ পঢ়িবৰ বাবে গোটানগৰ নামবাৰী হাইস্কুল প্ৰতিষ্ঠা হৈছিল৷ এতিয়া সেই স্কুলখন এখন অতি উন্নত মানদণ্ডৰ স্কুল হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে৷

বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী জনৰ নিজা সমষ্টি জালুবাৰীত থকা ” অসম শিশু কল্যান সদন” ৰ লগত ড° বিনয় তামূলী বৰ উতঃপ্ৰোতভাৱে জড়িত আছিল৷ এতিয়া সেইখন এখন অসমৰ উল্লেখযোগ্য শিশু সদন৷ দেশৰ তদানীন্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং অসমলৈ আহোঁতে এবাৰ এই সদনত সোমাই তাৰ সুন্দৰ ব্যৱস্থা দেখি সন্তোষ পাই ড° বিনয় কুমাৰ প্ৰশংসা কৰি সদনলৈ আৰ্থিক অনুদান দি থৈ গৈছিল৷

বিনয় কুমাৰ তামূলীয়ে সদায় নিয়মানুবৰ্তিতাৰ মাজেৰে নিজৰ জীৱনটো চলাই নিছিল৷ পত্নী প্ৰতিভা বৰুৱা তামূলীও আছিল এগৰাকী উচ্চশিক্ষিতা মহিলা৷ বুৰঞ্জী বিভাগৰ স্নাতকোত্তৰ আছিল তেওঁ৷

তেওঁৰ সন্তান প্ৰফেছৰ জ্যোতিপ্ৰসাদ তামূলী গুবাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক৷

২০০৫ চনৰ আজিৰ দিনটোত (২৯ জুলাই) ড° বিনয় কুমাৰ তামূলীৰ জন্মদিনটোক ” ওপজা দিনৰ ওলগ” নামেৰে নামাংকিত কৰি গোটানগৰ , পদুমবৰী, উন্নয়ন সমিতীৰ উদ্যোগত পদুমবৰীৰ পদুম কৃষ্টি প্ৰাংগনত জন্মদিন পালন কৰিছিল ৰাইজে৷

সেই অনুষ্ঠানলৈ বহু বিশিষ্ট ব্যক্তি গৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰায়সকল অধ্যাপকেই সেইদিনা ড° বিনয় তামূলীক সম্বৰ্দ্ধনা জনাইছিল৷

তাতেই সমূহ ৰাইজে বিনয় কুমাৰ তামূলীক ” কৰ্মযোগী” উপাধিৰে সন্মানীত কৰিছিল আৰু লগতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পদুমবৰীৰ মাজেৰে গৈ পদ্মনাথ গোহাঞি বৰুৱা সংযোগ পথছোৱাক ” ড° বিনয় কুমাৰ তামূলী” পথ নামেৰে নামাংকিত কৰা হয়৷ আজিও জিলিকি আছে সেই পথ ৷

উল্লেখনীয় যে সেইদিনা তেখেতে নিজহাতে ৰুই থৈ যোৱা কাঞ্চন গছৰ তলত আজিও সমগ্ৰ পদুমবৰী ৰাইজে জন্মদিন আৰু মৃত্যু দিনত প্ৰতি বছৰে বন্তি প্ৰজলন কৰি ড° বিনয় কুমাৰ তামূলী ছাৰক স্মৰণ কৰি আহিছে আৰু কৰি যাব৷