জন্ম দিনৰ শুভেচ্ছা- অদিতি দত্ত লহকৰ

ডাঃ বীৰেন্দ্ৰ দত্ত লহকৰ

জন্ম দিনৰ শুভেচ্ছা

 

দেউতা মানে এডাল ডাঙৰ গছৰ ছাঁ৷ আমাৰ সুখৰ বাবে সকলো কৰিব পৰা জনেই আছিল দেউতা৷ দেউতাৰ ছাঁ হেৰাই যোৱাৰ পৰা জীৱনৰ দায়িত্ব পালন কৰা কিমান কষ্টকৰ বুজি পোৱা গৈছে৷ আজি পহিলা বহাগ৷ আপোনাৰ জন্মদিন৷ কিন্তু আপোনক শুভেচ্ছা জনাবলৈ আপুনি আমাৰ মাজত নাই৷ ২০১৮ চনত বিয়া হৈ আপোনাৰ ঘৰৰ একমাত্ৰ বোৱাৰী হোৱাৰ সুভাগ্য হৈছিল৷ বোৱাৰী বুলি গণ্য নকৰি মোক জীয়ৰীৰ স্থান দিছিল৷ দেউতা বুলি মাতিলে “কি মা’’ বুলি মাতিছিল৷ এতিয়া সেই মাতষাৰ বৰকৈ মনত পৰে৷ শহুৰ নহয় মোৰ লগত বন্ধুৰ দৰে সকলো দুখ, সুখ, হাঁহি ধেমালিৰ কথা কৈছিল৷ এতিয়া সেই হাঁহিবোৰ বৰকৈ মনত কৰোঁ৷ আমি দুয়ো লগ হৈ শাহু মাক জোকোৱা ধেমালিবোৰ এতিয়া সকলো নাইকিয়া হৈ গ’ল৷ পৃথিৱীৰ সকলো ছোৱালীয়ে আপোনাৰ নিচিনা মৰমিয়াল শহুৰ দেউতা পোৱা উচিত৷ মই সঁচাই নিজকে বহুত ভাগ্যৱান বুলি ভাৱো৷

আজি আপোনাৰ জন্ম দিনৰ দিনা আমাৰ সকলোৰে ফালৰ পৰা (পত্নী ডাঃ নিৰু দাস লহকৰ, পুত্ৰ বিক্ৰম দত্ত লহকৰ, জীয়ৰী চুমী সেন ডেকা, জোঁৱাই অপূৰ্ব সেন ডেকা, নাতি/ নাতিনী) শুভেচ্ছা জনালো৷ নেদেখা জনৰ ওচৰৰ পৰা আমাক আৰ্শীবাদ কৰিব৷

অদিতি দত্ত লহকৰ (বোৱাৰী)
ভৰলুমুখ, গুৱাহাটী