জনসংযোগ সঞ্চালকালয়ৰ শিল্পী আৰতি চৌধুৰীৰ অৱসৰ 

জনসংযোগ সঞ্চালকালয়ৰ শিল্পী আৰতি চৌধুৰীৰ অৱসৰ 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ শিল্পী আৰতি চৌধুৰীক আজি আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয়। উল্লেখ্য যে কাইলৈ তেওঁ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিবকাইলৈ থকা বন্ধৰ পৰিপ্ৰেক্ষিতত শিল্পীগৰাকীক বিদায় সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে আজি জনসংযোগৰ সঞ্চালক মানৱেন্দ্ৰ দেৱ ৰায়ৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয়। সুদীৰ্ঘ ৩০ বছৰ ধৰি সেৱা আগবঢ়াই চাকৰি জীৱন সমাপ্ত কৰা শ্ৰীমতী চৌধুৰীৰ সৰলতা, স্পষ্টবাদিতা, নিষ্ঠা আৰু শিল্পী হিচাপে থকা দক্ষতাৰ বিষয়ে সভাত সকলোৱে একেমুখে শলাগ লয়। সভাত শ্ৰীমতী চৌধুৰীয়েও ভ্ৰাম্যমান থিয়েটাৰ যোগে আৰম্ভ হোৱা তেওঁৰ শিল্পী জীৱনৰ বিচিত্র অভিজ্ঞতা, ১৯৯১ চনত জনসংযোগত ঠিকাভিত্তিত চাকৰি আৰম্ভ কৰি ১৯৯৩ চনত স্থায়ী নিযুক্তি লাভেৰে সম্পূৰ্ণ কৰা সুদীৰ্ঘ চাকৰি জীৱনৰ অভিজ্ঞতা সম্পৰ্কে অৱলোকন কৰাৰ লগতে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰেবিভিন্ন চৰিত্ৰৰ অভিনয় প্ৰদৰ্শনৰ লগতে আমোদজনক অভিজ্ঞতাৰ ব্যাখ্যাৰে তেওঁ সভাত উপস্থিত সকলোকে হাস্যৰস প্ৰদান কৰে। সভাত অতিৰিক্ত সঞ্চালকদ্বয় ক্ৰমে শেখৰ ইংতি আৰু ডিনচেংফা বৰুৱা, যুটীয়া সঞ্চালক ক্ৰমে দীপক বসুমতাৰী আৰু দেৱ প্ৰসাদ দেউৰীকে ধৰি সঞ্চালকালয়ৰ বিষয়াকৰ্মচাৰীসকল উপস্থিত থাকে ৷