জনসংখ্যা সমাধান ফাউণ্ডেচন (জেএছএফ), অসমৰ সভা

জনসংখ্যা সমাধান ফাউণ্ডেচন (জেএছএফ), অসমৰ সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  দিছপুৰস্থিত গৰকাপ্তানী বিভাগৰ সভা গৃহত জেএছএফৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰীৰ উপস্থিতিত অসম, অৰুনাচল, নগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, মেঘালয়, মিজোৰাম আৰু ছিক্কিম জেএছএফৰ ৰাজ্যিক অধ্যক্ষ আৰু প্ৰতিনিধিক লৈ উত্তৰ পূৰ্বাঞ্চল জেএছএফৰ এখন গুৰুত্বপুৰ্ণ সভা অনুষ্ঠিত হয়। আঞ্চলিক ভিত্তত এনে ধৰণৰ সভা ইতিমধ্যে দিল্লী, ৰাঁচী আৰু জয়পুৰত অনুষ্ঠিত হৈ আহিছে। দৰাচলতে ৰাষ্ট্ৰীয় সংগঠন জেএছএফে যোৱা ১২ বছৰ ধৰি দেশত দুটা সন্তান ভিত্তিক পৰিয়ালৰ আৰ্হিত ধৰ্ম বৰ্ণ নিৰ্বিশেষে এখন জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ প্ৰনয়ণ আৰু ৰূপায়ণৰ বাবে সংগ্ৰাম কৰি আহিছে। কিন্তু কেৱল জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ যোগেদি দেশৰ সাতামপুৰুষীয়া সনাতনী সভ্যতা সংস্কৃতি আৰু আমাৰ সুপ্ৰাচীন দেশ খনৰ ঐক্যতা আৰু অখণ্ডতা ৰক্ষা কৰাটো কঠিন হৈ পৰিছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যৱাহ হসবোলে জীৰ  লগত হোৱা আলোচনা আৰু পৰামৰ্শক্ৰমে জেএছএফক এটা ৰাষ্ট্ৰীয় সনাতনী সংগঠনৰ ৰূপত সংগঠিত কৰিব বিচৰা হৈছে।সম্প্ৰতি চুবুৰীয়া বাংলাদেশত হিন্দু, বৌদ্ধ আৰু খ্ৰীষ্টিয়ান সকলৰ ওপৰত হৈ থকা জঘন্য নিগ্ৰহে সকলোৰে চকু মেল খুৱাইছে। বাংলাদেশৰ মৌলবাদী সংগঠন সমূহে অমুছলমান সকলক তিনিটা বিকল্প দিছে:মুছলমান ধৰ্ম গ্ৰহণ কৰক, অথবা বাংলাদেশ ত্যাগ কৰক, বা মৃত্যুৰ বাবে সাজু থাকক। বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰ খনেও এই নিকৃষ্ট উদ্দেশ্যক সমৰ্থন দিয়া যেন লাগিছে। এয়া ইতিহাসৰ পুনৰাবৃত্তিহে মাথোন। একে ঘটনা পাৰ্চীয়া আৰু আফগানিস্তানত সংঘটিত হৈছিল। আমাৰ কাশ্মীৰতো সংঘটিত হৈছে। দেশ বিভাজনৰ পিছত পাকিস্তানত সংঘটিত হৈ আছে।এতিয়া পাকিস্তান প্ৰায় হিন্দু শূণ্য। বাংলাদেশত যি ঘটি আছে, অচিৰে অসম, বংগ, বিহাৰ আৰু সমগ্ৰ দেশত হ’বলৈ গৈ আছে।  সেয়ে দেশ ব্যাপী থকা জেএছএফক নতুন ৰূপত সংগঠিত কৰা প্ৰয়োজন হৈ পৰিছে। সংগঠনৰ নতুন নাম “হিন্দু ফ্ৰন্ট অৱ ইণ্ডিয়া” (Hindu Front of India: HFI) ৰখা হ’ব। যুৱ শক্তিৰ বাবে “অগ্নি যোদ্ধা” নামেৰে অহা দীপাৱলীত সংগঠন ঘোষণা কৰা হ’ব। এইয়া এক শক্তি বৰ্ধক উজস্বী নাম। হিন্দু ফ্ৰন্ট অৱ ইণ্ডিয়া ৰ লক্ষ্য আৰু উদ্দেশ্য সমূহ:দেশৰ সকলো সনাতনী সংগঠনক ঐক্যবদ্ধ কৰা, হিন্দু তথা সনাতনী সকলক ঐক্যবদ্ধ কৰা,জনসংখ্যা নিয়ন্ত্ৰণ আইণনৰ প্ৰণয়ন আৰু বলৱৎকৰণ, সমান নাগৰিক সংহিতাৰ ৰূপায়ণ, ৱাকফ বৰ্ড ৰদকৰণ, দেশৰ অখণ্ডতা আৰু সনাতনী সভ্যতা সংস্কৃতিৰ ৰক্ষাৰ বাবে প্ৰয়োজনীয় কাৰ্যসূচী ৰূপায়ণ,দেশৰ যুৱ শক্তিক সামৰি “অগ্নি যোদ্ধা” সংগঠন অহা দীপাৱলীত ঘোষণা কৰা হ’ব,হিন্দুক দুৰ্বল কৰা সকলো কাৰক (যেনে: জাতিভেদ, বৰ্ণবাদ আদি সংশোধন কৰা বা দুৰ কৰা, আদি। লক্ষ্য আৰু উদ্দেশ্য সমূহক সঠিক ভাবে কাৰ্যকৰী কৰিবৰ বাবে সঠিক নীতি আৰু কৌশল প্ৰস্তুত কৰা হৈছে যদিও দেশ ব্যাপী থকা জেএছএফৰ সকলো কাৰ্যকৰ্তাৰ লগত মত বিনিময়, পৰামৰ্শ আৰু সংশোধনীৰ বাবে এনে আলোচনা চক্ৰ অনুষ্ঠিত কৰা হৈ আছে। আজিৰ সভাত সভাপতিত্ব কৰে অসম প্ৰদেশ জেএছএফৰ ৰাজ্যিক অধ্যক্ষ ভাস্কৰ দাসে।