জনপ্ৰিয়তাৰ ভূতে মানুহবোৰক খেদি ফুৰিছে…
বৰ্তমান সময়ত মানুহবোৰক জনপ্ৰিয়তাৰ ভূতে পাইছে বুলি ক’ব পাৰি । অৰ্থাৎ জমপ্ৰিয়তা লাভ কৰিবলৈ সকলোৱে মন মেলে ।মানুহে নিজকে জনপ্ৰিয়তা হ’ব বিচৰা মানসিকতা কোনো দোষণীয় বা অপৰাধী কাম নহয় ।কিন্তু জনপ্ৰিয়তাৰ আশাত অন্ধ অনুসৰণকৰাটো সমৰ্থনযোগ্য নহয় ।আচলতে জনপ্ৰিয়তা লাভৰ কাৰণে নহয় ,কামৰ বাবে জনপ্ৰিয়তা লাভ কৰাটো বেছি গ্ৰহণযোগ্য ।উদাহৰণ স্বৰূপে যাদৱ পায়েঙে কোনো জনপ্ৰিয়তা,বঁটা–বাহন ,পুৰস্কাৰ লাভৰ আশাত বনাঞ্চল পতা নাছিল । তেওঁ বন্য জীৱ –জন্তু থাকিবলৈ, প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ হেতুকে সেই বনাঞ্চল পাতিছিল । শেষত যেনিবা তেওঁক সকলোৱে চিনি পালে আৰু ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেখেতক সকলোৱে বহু বঁটা –বাহন দিলে।ঠিক তেনেকৈ শচীন তেণ্ডুলকাৰ কোনো জনপ্ৰিয়তাৰ আশাত ক্ৰিকেট খেলা নাছিল ।তেওঁৰ নিজৰ প্ৰতিভা,অধ্যাৱসায় ,কষ্টৰ বলত ক্ৰিকেটৰ পথাৰত আকাশ চুলেগৈ আৰু জনপ্ৰিয়তা বাঢ়িল।
কিন্তু বৰ্তমান সময়ত আমাৰ সমাজত কামতকৈ জনপ্ৰিয়তাৰ আশাত মাৰাথন দৌৰ মৰা লোক বেছি দেখিবলৈ পাওঁ। আজি-কালি ছ’চিয়েল মেডিয়াৰ যুগত মানুহবোৰে সস্তীয়া জনপ্ৰিয়তা লাভ কৰিবলৈ বিভিন্ন কামত লিপ্ত হোৱা দেখা যায় । নিজে জনপ্ৰিয়তা লাভৰ বাবে বিভিন্ন প’জ দি ছেলফী উঠে । সেই ছেলফী আকৌ কিছুমান বিপদজ্জনক ঠাইত গৈ উঠে ।যাৰ ফলত কিছুমানৰ অকালতে প্ৰাণ যোৱাৰো অঘটন ঘটে । আকৌ কিছুমানে কোনো বিখ্যাত লোকৰ লগত ফটো উঠে। অধিক লাইক – কমেণ্ট পোৱাৰ আশাত এনেবোৰ কাৰ্য কৰে । কিন্তু কোনো নিজে কাম নকৰি অথবা প্ৰতিভা বিকাশ নকৰাকৈ কোনো বিখ্যাত লোকৰ লগত ছেলফী বা ফটো উঠি ঢোলৰ লগত টেমেকাৰ দৰে অৱস্থা কৰি জনপ্ৰিয়তা পাব বিচৰা কাৰ্যটো হাঁহিয়তৰ পাত্ৰহে কৰি তোলে । আকৌ কিছু লোকে নিজৰ সম্পৰ্কীয় বা চিনাকি কোনোবা ভাল মানুহ থাকিলে তাৰ বিষয়ে কৈ নিজকে জহাই ফুৰি জনপ্ৰিয় হ’ব বিচৰা কাৰ্যটো সস্তীয়া জনপ্ৰিয়তা বিচৰাৰ অন্যতম এটা উদাহৰণ। কিছুমানে দুটা –তিনিটা কবিতা বা প্ৰবন্ধ বা গল্প লিখি কোনো পৈণত নোহোৱাকৈ কিতাপ প্ৰকাশ কৰি কোনো বিখ্য়াত লোকক কেনেবাকৈ হাত কৰি তেওঁলোকৰ দ্বাৰা উন্মোচন কৰোৱা হয় বা তেনে কিতাপসমূহ বিভিন্ন মাধ্যমৰ যোগেদি ভাল বুলি প্ৰচাৰ কৰি শেষত পাঠকক ৰামঠগন দি লেখকৰ জনপ্ৰিয়তা লাভ কৰা কাৰ্যটো একপ্ৰকাৰৰ তেনে উদাহৰণ ।যাৰ ফলত ভাল ভাল লেখকৰ লেখাৰ পাঠক নোহোৱা বুলি মাজে –সময়ে শুনিবলৈ পোৱা যায়। আচলতে প্ৰচাৰৰ বলত জনপ্ৰিয় হ’ব বিচৰা লেখকৰ কিতাপ সমূহ পাঠকে কিনি পঢ়াৰ পিচত যেতিয়া ৰস পোৱাত বঞ্চিত হয় তেওঁলোকে দ্বিতীয় বাৰ বেলেগ ভাল লেখকৰো কিতাপ কিনি পঢ়়াৰ প্ৰতি অনীহা প্ৰকাশ কৰা দেখা যায় ।অকল কিতাপে নহয়, বিভিন্ন ক্ষেত্ৰ যেনে––গীত ,কবিতা ,চিনেমা ,নাটক আদি বিভিন্ন ক্ষেত্ৰটো সেইবোৰ পৰ্যায় চলি অছে । তেনে সস্তীয়া জনপ্ৰিয়তা বিচাৰি এচামে কৰা অবিবেচকী কাৰ্যই বিভিন্ন ক্ষেত্ৰটো সংকটো নমাই আনিছে ।অৱশ্যে এটা সময়ত সামাজিক জনপ্ৰিয়তা লাভ কৰিলেও কিন্তু সেইবোৰ এসময়ত নাইকিয়া হৈ পৰিব।কিন্তু ভাল বস্তুসমূহৰ জনপ্ৰিয়তা নাথাকিলেও দীৰ্ঘজীৱী হৈ থাকিব।
জনপ্ৰিয় সকলো বস্তু আচলতে গুণগত দিশত উন্নত নহ’বও পাৰে । সস্তীয়া বিসয়বস্তুক লৈ ৰচনা কৰা অথচ প্ৰচাৰৰ দ্বাৰা তাৰকাৰ দৰে পৰ্যায় সৃষ্টি কৰা বস্তুসমূহ সমাজত কোনো ভাল প্ৰভাৱ পেলাব নোৱাৰে ।তেওঁলোকে সমাজত এক সস্তীয়া ঢৌৰ সৃষ্টি কৰে আৰু মানুহৰ ৰুচিসমূহত নেতিবাচক প্ৰভাৱ পেলায় ।সেইবোৰৰ ফলত সমাজৰ নৱপ্ৰজন্মসকলেও উদণ্ড ,বেপৰোৱা মনোভাৱ,অপসংস্কৃতি আদিৰ প্ৰতি ধাবিত হয় । নিজৰ ঐতিহ্য বহন কৰা চহকী সংস্কৃতিসমূহৰ প্ৰতি উদাসীন হৈ বাহিৰৰ জাকজমকতাৰে ভৰা সস্তীয়া উপাদানসমূহক আঁকোৱালি ল’ব খোজে ।লগতে কৰ্মসংস্কৃতি,কষ্ট কৰাৰ মনোবৃত্তি,ধৈৰ্য আদি গুণবোৰ তেওঁলোকৰ নাথাকে ।
জনপ্ৰিয়তা জোৰ কৰি পোৱা বস্তু নহয় আথবা জনপ্ৰিয়তা কিনি বা ধন–সম্পদ দি লাভ কৰা বস্তু নহয় ।মানুহৰ হৃদয়ে হৃদয়ে খোদিত হ’ব লাগিব আৰু মানুহে ভাল পাব লাগিব । আপোনাৰ কৰ্ম আৰু প্ৰতিভাই যদি মানুহৰ মন মোহিত কৰিব পাৰে তেন্তে সফলতা লাভ কৰিব পাৰিবই ।আপুনি জনপ্ৰিয়তাৰ পিছে পিছে দৌৰাৰো কোনো দৰকাৰ নাই। আপোনাৰ পিছে পিছে জনপ্ৰিয়তা আৰু ধন –সম্পদে দৌৰিব । গতিকে কোনোবাই নজনাকৈ জনপ্ৰিয়তা জোৰ কৰি পাব বিচাৰে অথবা জনপ্ৰিয়তা পাবৰ বাবে চমু পথ গ্ৰহণ কৰিব খোজে,তেন্তে সেইটো কেতিয়াও ভাল পদক্ষেপ হ’ব নোৱাৰে । কাৰণ ,তেনে পোৱা জনপ্ৰিয়তাৰ কোনো মূল্য় নাই অখবা তেনেকৈ পালেও সেইবোৰৰ কোনো স্থায়িত্ব নাথাকে।
জনপ্ৰিয়তা মানেই জীৱন নহয় ।জনপ্ৰিয়তা লাভেই জীৱনৰ একমাত্ৰ লক্ষ্য হ’ব নোৱাৰে । মানুহে সৎ পথত থাকি ভাল কৰ্ম কৰি যোৱাৰ সদিচ্ছা আৰু তাড়না থকিব লাগিব । তেনে তাড়না আৰু সদিচ্ছাই জীৱনটোক উৰ্ধ্বমুৰ্খী গতি প্ৰদান কৰিবলৈ সক্ষম হ’ব ।মুঠতে আমি নিজকে একো একোজন সফলতামুখী চিৰিৰে বগাই যাব পৰাকৈ কৰ্মদক্ষতা আৰু অভিজ্ঞতা আহৰণ আৰু সঞ্চয় কৰাত গুৰুত্ব দিব লাগিব । নীৰৱে–নিস্তব্ধে নিজৰ কৰণীয় কামবোৰ কৰি সমাজক উপকৃত কৰা আৰু সেৱা কৰাৰ মনোবৃত্তি থাকিব লাগিব ।নিজে তিলটোকে তাল কৰি অথবা হৈ–চৈ কৰি আত্মগৌৰৱ আৰু আত্মগৰিমা প্ৰচাৰ কৰাৰ দৰে সস্তীয়া মনোবৃত্তিবোৰ এৰিব লাগিব । উদ্দেশ্যমুখী আৰু সৎ পথেৰে কৰা কাম আৰু আদৰ্শবোৰ সকলোৰে গ্ৰহণীয় আৰু, সৰ্বজনবিদিত হয় ।জনপ্ৰিয় মানুহ মানেই উচ্চ খাপৰ ব্যক্তিত্বৰ অধিকাৰী নহ’বও পাৰে । কেতিয়াবা নিম্ন খাপৰ ব্যক্তিত্বৰ লোকেও কিছুমান বিশেষ কাৰণত জনপ্ৰিয় হ’ব পাৰে । আচলতে প্ৰতিজন ব্যক্তিৰে একো একোটা বিশেষ দিশত প্ৰতিভা থাকে । সেই প্ৰতিভাসমূহক লৈ বিশেষ ব্যতিক্ৰম ৰূপত নিজকে প্ৰকাশ কৰিব পাৰিলেই জনপ্ৰিয়তা লাভ কৰিব পাৰে ।পিছে জনপ্ৰিয়তা লাভ কৰিব পাৰিলেও মানুহ আদৰ্শৱান নহ’বও পাৰে । যিসকলে প্ৰতিভাৰ সৎভাৱে ব্যৱহাৰ কৰি বিকশিত হয় তেওঁলোকে জনপ্ৰিয়তাৰ লগতে আদৰ্শবানো হ’ব পাৰে ।
নৱপ্ৰজন্মসকলে কোনো প্ৰতিভা বা মেধাৰ অভাৱ নহয় । তেওঁলোকৰ আধুনিক কলা–কৌশল ,দক্ষতা আদিৰে সমৃদ্ধশালী ।তেওঁলোকেৰ কৰ্ম কৰাৰ প্ৰৱণতাৰো অভাৱ নহয়। মাথো তেওঁলোকক উচিত দিহা –পৰামৰ্শ আৰু উদগনি দিয়াৰ প্ৰয়োজন । তেওঁলোকক সস্তীয়া জনপ্ৰিয়তা লাভ কৰা সপোনৰ পিছে দৌৰি ফুৰাতকৈ কৰ্মসংস্কৃতিৰ পৰিৱেশ আহৰণ কৰি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰতে গুৰুত্ব দিয়া প্ৰয়োজন ।চাব লাগিব যাতে তেওঁলোকৰ প্ৰতিভাসমূহ অপচয় নঘটে আৰু সঠিক পথত আগবাঢ়ে । সস্তীয়া জনপ্ৰিয়তাতকৈ আদৰ্শৱান হোৱাটোকে বেছি গুৰুত্ব দিয়া বাঞ্ছনীয় । আমাৰ নৱপ্ৰজন্মসকলক সৎ পথত থাকি নিজৰ ব্যক্তিত্ব আৰু প্ৰতিভা বিকাশৰ লক্ষ্য ৰাখিব লাগিব ।আত্মস্বাৰ্থতকৈ সামাজিক স্বাৰ্থত বেছি গুৰুত্ব দি মানৱীয় প্ৰমূল্যবোধ,নৈতিকতাসম্পন্ন আৰু সামাজিক সম্পৰ্কসমূহক অকণো বিঘ্নিত নকৰাকৈ সুন্দৰকৈ জীৱন–যাপন কৰিব পৰা মানৱ সমাজ গঢ়াত সকলোকে অভিৰুচিত কৰিব লাগিব ।
নন্দেশ্বৰ মিলি