জনতা ভৱনত ৭৭সংখ্যক স্বাধীনতা দিৱস উদযাপন

জনতা ভৱনত ৭৭সংখ্যক স্বাধীনতা দিৱস উদযাপন

দিছ্পুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-সমগ্ৰ দেশৰ লগতে জনতা ভৱনটো আজি ৭৭সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। জনতা ভৱন চৌহদত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী চৈয়দাইন আব্বাছি। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে উপস্থিত সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে স্বাধীনতাৰ হকে আত্মবলিদান দিয়া দেশৰ তথা অসমৰ বীৰ ছহিদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে।