জনতা ভৱনত অনুষ্ঠিত চৰকাৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

PC - The Meghalayan

জনতা ভৱনত অনুষ্ঠিত চৰকাৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰঙিলী বাৰ্ত্তাসেৱা – জনতা ভৱনত বিভিন্ন বিভাগীয় বিষয় সামৰি অসম কেবিনেটৰ বৈঠক অনুষ্ঠিত হৈ যায়।বৈঠকত প্ৰখ্যাত লোকশিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ কৰ্মৰাজি সংৰক্ষণৰ বিশেষ পদক্ষেপ,শিশুৰ শিক্ষা সুনিশ্চিতকৰণ,অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ পেঞ্চনাৰসকললৈ সকাহ,গুৱাহাটী মাষ্টাৰ প্লেন ২০২৫ৰ সংশোধনকে ধৰি বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়।কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ শিশুৰ শিক্ষা সুনিশ্চিতকৰণ:প্ৰতিটো শিক্ষাবৰ্ষৰ শেষত পঞ্চম আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ (সংশোধনী) আইন, ২০১৯ৰ অধীনত একে শ্ৰেণীত ৰখাৰ পদ্ধতি আৰু চৰ্তৰ দিশত অধিসূচনা জাৰি কৰাত অনুমোদন জনোৱা হৈছে। নিম্ন প্ৰাথমিকৰ পঞ্চম শ্ৰেণী আৰু উচ্চ প্ৰাথমিকৰ সপ্তম শ্ৰেণীত বার্ষিক পৰীক্ষা থাকিব লাগিব।পৰীক্ষাত অনুত্তীর্ণ শিশুক পুনৰ বিশেষ পৰীক্ষা অনুষ্ঠিত নোহোৱালৈকে অতিৰিক্ত নিৰ্দেশনা দিয়া হ’ব আৰু কোনো ক্ষেত্ৰতে শিশুটিক বহিষ্কাৰ কৰা নহ’ব।বাৰ্ষিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পৰা ২ মাহৰ ভিতৰত পুনঃপৰীক্ষা অনুষ্ঠিত কৰিব লাগিব।পুনঃপৰীক্ষাত কৃতকার্য শিশুৰ বাবে পৰৱৰ্তী উচ্চ শ্রেণীত নামভৰ্তিৰ ব্যৱস্থা থাকিব। এইক্ষেত্ৰত উচ্চ শ্রেণী নথকা বিদ্যালয়ে এনে শিশুক আন বিদ্যালয়ত বাধ্যতামূলক হিচাপে নামভৰ্তি কৰাব পাৰিব।ঘৰুৱা বিদ্যুৎ গ্ৰাহকলৈ সকাহ ঘৰুৱা গ্ৰাহকক সকাহ প্ৰদানৰ লক্ষ্যৰে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে বর্ধিত খুচুৰা শুল্কৰ পৰা হাত সাৰিবলৈ এ পি ডি চি এলক ১৯০ কোটি টকাৰ বিদ্যুৎ ক্রয় ৰাজসাহায্যত অনুমোদন।শক্তি উৎপাদন বৃদ্ধিৰ সিদ্ধান্ত ২৪ মেগাৱাটৰ কাৰ্বি লাংপি মধ্যম দ্বিতীয় জলবিদ্যুৎ প্রকল্পত ৩০০.৭ কোটি টকা ব্যয়ৰ লগতে ইয়াৰ ৰূপায়ণৰ বাবে প্রয়োজনীয় পুনৰ ব্যয় প্রস্তাৱত অনুমোদন।প্ৰকল্পটো আৰম্ভ হোৱাৰ পৰা সম্ভাব্য ৩৬ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।ই অসম শক্তি উৎপাদন নিগম লিমিটেডৰ বিদ্যুৎ উৎপাদনত এক উল্লেখযোগ্য গতি প্ৰদান কৰাৰ লগতে ৰাজ্যত বিদ্যুতৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ সক্ষম হ’ব।অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ পেঞ্চনাৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ পেঞ্চনাৰক সকাহৰ লক্ষ্যৰে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ পেঞ্চন পুঁজিলৈ অপ্রশাসনিক অনুমোদনৰ বিত্তীয় অনুদান হিচাপে ২৮৫ কোটি টকা প্রদান।প্রস্তাবিত আঁচনিখনে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ/উত্তৰাধিকাৰী কোম্পানীৰ প্ৰায় ২০ হাজাৰ পেঞ্চনাৰক লাভান্বিত কৰিব।
সংহত ভৱন উপ-বিধি বৰ্তমানৰ বিল্ডিং অনুমোদন ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে ৰাজ্যৰ মাষ্টাৰ প্লেন এলেকাসমূহৰ বাবে অসম সংহত ভৱন উপ-বিধি, ২০২২ত অনুমোদন।প্রখ্যাত লোকশিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ কৰ্মৰাজি সংৰক্ষণৰ ব্যৱস্থা পদ্মশ্ৰীৰে সন্মানিত গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন আৰু কীৰ্তি যুগমীয়া কৰাৰ উদ্দেশ্যে ১৫ কোটি টকা ব্যয়সাপেক্ষে এটা সংগ্রহালয় গঢ়ি তোলাৰ বাবে মাটিয়াবাগত ১২ বিঘা ৩ কঠা আৰু ১৮ লেচা মাটি অধিগ্রহণত অনুমোদন। এই প্রকল্পই পূৰ্বৰ গৌৰীপুৰ জমিদাৰী বাগিচাৰ অন্তৰ্গত গেম বিজট হাৱাখানাৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লগতে পৰ্যটনৰ বিকাশত সহায় কৰিব।গুৱাহাটী মাষ্টাৰ প্লেন ২০২৫ৰ সংশোধন গুৱাহাটী মেট্রপলিটান এলেকাৰ বাবে যাতায়াত-মুখী উন্নয়ন (Transit oriented Development) ৰূপায়ণ, ট্রেনজিট কৰিড’ৰ চিনাক্তকৰণ, ট্ৰেনজিট ন’ডছ আৰু সেইসমূহৰ সৈতে সংপৃক্ত ক্ষেত্ৰৰ বিভিন্ন ব্যৱস্থাৰ সামঞ্জস্য ৰখাৰ বাবে গুৱাহাটী মাষ্টাৰ প্লেন ২০২৫ৰ সংশোধন।বিদ্যালয়ৰ পুনর্গঠন কাৰ্যপন্থা বৰপেটা, বাক্সা, বজালী, নলবাৰী, কামৰূপ (মহানগৰ), কামৰূপ, নগাঁও, মৰিগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু ধেমাজি জিলাৰ শৈক্ষিক খণ্ড/ডি আই এছৰ মাজত অভাৰলেপিং স্কুলৰ বিত্তীয় আৰু প্ৰশাসনিক কার্যপন্থাৰ পুনঃসমন্বিতকৰণ।ই নির্দিষ্ট শিক্ষা খণ্ড/ডি আই এছৰ ভৌগোলিক এলেকাৰ অধীনত অৱস্থিত আন খণ্ড/ডি আই এছৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহত প্রশাসনিক বিসংগতি হ্ৰাস কৰিব।