জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ, অসমৰ মাজুলী জিলা সমিতিৰ সাংগঠনিক সভা সম্পন্ন
বিকাশ শইকীয়া,মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- উজনি মাজুলী শ্ৰীৰাম গাওঁ পঞ্চায়ত ভৱনত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ, অসমৰ মাজুলী জিলা সমিতিৰ উদ্যোগত এখনি সাংগঠনিক সভা অনুষ্ঠিত হোৱাৰ লগতে পূৰ্ণাংগ জিলা সমিতি গঠন কৰা হয়। জিলা সভাপতি ৰমেশ চন্দ্ৰ শইকীয়াই সভাপতিত্ব কৰা আৰু জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ, অসমৰ কেন্দ্ৰীয় সম্পাদক প্ৰহ্লাদ মিলি মুখ্য পৰ্যবেক্ষক হিচাপে উপস্থিত থকা সভাখনিত ফুলনি , গায়ন গাওঁ, গড়মূৰ, কমলাবাৰী, পকাজৰাকে প্ৰমুখ্য কৰি কেইবাখনো গাওঁ পঞ্চায়তৰ প্ৰতিনিধিত্বৰে সম্পন্ন হয়।

সভাৰ আৰম্ভণিতে পশ্চিম বংগত অমানৱীয় হত্যাকাণ্ড-ধৰ্ষণৰ বলি হৈ মৃত্যুবৰণ কৰা ডাঃ মৌমিতা দেৱনাথৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি শোক প্ৰস্তাৱ আৰু মৌন প্ৰাৰ্থনা জনোৱা হয়। সভাত প্ৰাক্তন জিলা সভাপতি ৰূপজ্যোতি নাথে সাংগঠনিক দিশত আলোচনা আগবঢ়াই আৰু জিলা কাৰ্যকৰী সভাপতি অনন্ত কুমাৰ ঙাটেই এটি সমন্বয়ৰ গীত পৰিৱেশন কৰে। ইয়াৰ পিছতে সমাজ সংগঠক ক্ৰমে পাপু বৰা, শংকুসিদ্ধ নাথ, ৰমেশ বৰুৱা, দিগন্ত গায়ন, গগন হাজৰিকা, বিপ্ৰাৰাণী কলিতাই নিজা নিজা দৃষ্টিভংগীৰে বক্তব্য প্ৰদান কৰে। ইয়াৰ পাছত সভাপতি শইকীয়াই পূৰ্ণাংগ জিলা সমিতিখন গঠনৰ বাবে সমজুৱা মতামত গ্ৰহণ কৰে। সেই অনুসৰি সৰ্বসন্মতিক্ৰমে প্ৰাক্তন ছাত্ৰ নেতা শংকুসিদ্ধ নাথক জিলা সম্পাদক, কবি পাপু বৰাক সাহিত্য সম্পাদক, ৰমেশ বৰুৱা, বিপ্ৰাৰাণী কলিতা, স্বপ্না দত্ত, মনোজ্যোতি ৰেগনক উপ-সভাপতি, দিগন্ত গায়নক কোষাধ্যক্ষ, সঞ্জীৱ মিলিক সহকাৰী সম্পাদক, বিকাশ শইকীয়াক প্ৰচাৰ সম্পাদক, ৰুণমণি শইকীয়া আৰু ভৱানন্দ হাজৰিকাক সাংস্কৃতিক সম্পাদক, উদ্দেশ্যৰ টাইদক সাংগঠনিক সম্পাদক নিৰ্বাচিত কৰা হয়। ইয়াৰ পিছতে একো একোখন পঞ্চায়তৰ অন্তৰ্গতত একোখনকৈ আঞ্চলিক সমিতি গঠনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি বিষয়ববীয়াসকলক দায়িত্ব প্ৰদান কৰা হয়। সদৌ শেষত সভাপতিৰ সাৰুৱা বক্তব্যৰ পিছতে জাতীয় সংগীত পৰিৱেশনৰে সভাৰ সফল সমাপ্তি ঘটে।