জটিল– শ্বাহিনশ্বাহ ইকবাল লক্ষীপুৰ, গোৱালপাৰা

pc-nature

জটিল


মৃত উপত্যকাত উৱঁলি যোৱা পঁজা,
বেৰৰ ফাঁকেদি অহা ক্ষীণদ্যুতি,
নিঃসংগ খাগৰিৰ অন্তৰ্দাহ,
কলিজাৰ দ্ৰুত ধপ্‌ধপনি…

প্ৰাপ্তি-অপ্ৰাপ্তি আৰু হেৰুওৱাখিনিৰ
হিচাব-নিকাচৰ জেঙা-জোঁট,
ক্ষত হৃদয়,
নিঃসাৰ নাইপিয়া,
জটিল অন্ধকূপত
নিজকে হেৰুৱাৰ ভয়ত
নীৰৱ্ আৰ্তনাদ…


✍🏻 শ্বাহিনশ্বাহ ইকবাল

লক্ষীপুৰ, গোৱালপাৰা