জগত সভালৈ ঝুমুৰ অসমবাসীৰ গৌৰৱৰ ক্ষণ : দিলীপ শইকীয়া
অসমৰ সকলো জনগোষ্ঠীৰ কৃষ্টি-ঐতিহ্য-পৰম্পৰাৰ প্ৰতি বিজেপি নেতৃত্বাধীন চৰকাৰ দায়বদ্ধ
ৰঙিলী বাৰ্ত্তাসেৱা- ‘অসমৰ চহকী চাহ জনগোষ্ঠী-আদিবাসী সমাজৰ কৃষ্টি ঝুমুৰক বিশ্বৰ দৰবাৰত জিলিকাই তুলিবলৈ আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণ স্বাভাৱিকতে ৰাজ্যখনৰ কাৰণে এক মাইলৰ খুটি হিচাপে বিবেচিত হৈছে। বৃহত্তৰ অসমীয়া সমাজখনৰ এক অবিচ্ছেদ্য অংগ চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যক এক বিশাল আয়োজনেৰে প্ৰদৰ্শনৰ জড়িয়তে আমাৰ মাজৰ একতা আৰু ভাতৃত্ববোধৰ প্ৰকাশ এক বিৰল নিদৰ্শন ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ বিজেপি মিত্ৰজোটৰ চৰকাৰখনে গ্ৰহণ কৰা এই ঐতিহাসিক পদক্ষেপে , অসমৰ জাতি-জনগোষ্ঠীৰ বিকাশ আৰু উত্তৰণৰ হকে বিজেপি চৰকাৰ যে দায়বদ্ধ সেয়া পুনৰবাৰ প্ৰতীয়মান কৰিলে”- এই মন্তব্য অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ৷ ঝুমইৰ বিনন্দিনীৰ বিশাল কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিক আদৰণি জনাই এক বিবৃতিযোগে সভাপতি শইকীয়াই কয় যে অসমৰ চাহ সংস্কৃতিৰ এয়া এক স্বৰ্ণিল ক্ষণ ৷ প্ৰধানমন্ত্ৰীৰ উপস্থিতিয়ে এই ক্ষণক আৰু অধিক মহিমামণ্ডিত কৰিলে৷ চাহ জনগোষ্ঠী তথা আদিবাসীসকলৰ সংস্কৃতিক জগতসভালৈ আগবঢ়াই নিবলৈ কৰা এই প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই সভাপতি শইকীয়াই কয় যে ভাৰতীয় জনতা পাৰ্টি সাংস্কৃতিক আৰু ভূ-ৰাষ্ট্ৰীয়তাবাদত বিশ্বাসী এটা দল ৷ সেয়েহে বিজেপি দলে সদায় দেশৰ সংস্কৃতি ,আধ্যাত্মিক চিন্তা আৰু অৰ্থনৈতিক প্ৰগতিৰ হকে কাম কৰি আহিছে আৰু অনাগত সময়ত এই ধাৰা অব্যাহত থাকিব ৷ এই নীতিৰে ক্ষুদ্ৰ আৰু পিছপৰা তথা অস্তিত্বৰ সংকটত ভোগা জাতি-জনগোষ্ঠী সমূহৰ কৃষ্টি , ঐতিহ্য আৰু পৰম্পৰাক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰাই দিবলৈ সদায় প্ৰয়াস কৰা হয়। ইয়াৰ অন্যতম উদাহৰণ ঝুমইৰ বিনন্দিনী ৷সভাপতি শইকীয়াই পুনৰ কয় যে অসমৰ অন্যান্য জনগোষ্ঠী সমূহ সম্পৰ্কেও একেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি প্ৰতিটো জনগোষ্ঠীক আগবঢ়াই নিবলৈ আমাৰ চৰকাৰ বদ্ধপৰিকৰ ৷ সমান্তৰালভাৱে জনগোষ্ঠী সমূহৰ অৰ্থনৈতিক বিকাশৰ হকেও আমাৰ চৰকাৰ দায়বদ্ধ। অসমৰ জাতি-জনগোষ্ঠীৰ বিকাশৰ কথাৰে শইকীয়াই কয় যে বিটিআৰত হিংসাবৰ্জিত পৰিবেশ সৃষ্টিৰ জৰিয়তে অঞ্চলটোত বসবাস কৰা ৩৫ লাখ জনতাৰ কাৰণে ত্ৰিপ’ল ইঞ্জিন চৰকাৰে যিধৰণৰ উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে , সেই উন্নয়নৰ গতিৰে সকলো জনগোষ্ঠীকে আগুৱাই নিয়া হব ৷ পিছপৰা চাহ জনগোষ্ঠীৰ লোকসকলৰ উত্তৰণৰ হকে বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক পদক্ষেপৰ কথা উল্লেখ কৰি বিজেপিৰ ৰাজ্যিক সভাপতিজনে কয় যে আমাৰ চৰকাৰে বিগত সময়ছোৱাত বাগিছাৰ শ্ৰমিকৰ মজুৰী ২৫১ টকালৈ বৃদ্ধি কৰিলে ৷ বাগিছা অঞ্চলত দুশতকৈ অধিক চৰকাৰী বিদ্যালয় নিৰ্মাণ , চৰকাৰী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত ৩ শতাংশ পদ চাহ-জনগোষ্ঠী তথা আদিবাসীৰ বাবে সংৰক্ষণ কৰা , আদিবাসী শান্তি চুক্তি সম্পন্ন কৰা , পথ নিৰ্মাণৰ বাবে ৮৫০ খন চাহবাগিছাত ১ কোটিকৈ ধন আৱন্টন দিয়া , শ্বহীদ দয়াল দাস পানিকা আচঁনিৰ অধীনত চাহ জনগোষ্ঠীৰ ৮০০০ যুৱক-যুৱতীক ২৫০০০ টকাৰ অৰ্থসাহায্য , প্ৰতিখন বাগিছাত মালতী ওৰাংৰ নামত ১৫ লাখ টকা অনুদানেৰে সাংস্কৃতিক মঞ্চ নিৰ্মাণ আদি পদক্ষেপ জনগোষ্ঠীটোৰ বিকাশৰ কাৰণে লোৱা হৈছে ৷প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ প্ৰসংগ উনুকিয়াই সভাপতি দিলীপ শইকীয়াই কয় যে ঝুমইৰ বিনন্দিনী আৰু বিশাল বিনিয়োগ সন্মিলন এডভানটেজ আছাম ২.০ ত নৰেন্দ্ৰ মোডীৰ অংশগ্ৰহণে ৰাজ্যখনৰ গৰিমা বৃদ্ধি কৰাই নহয় ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ গুৰুত্ব অধিক বৃদ্ধি কৰিব ৷