ছেইন্ট ষ্টিফেন্স হাইস্কুলৰ জুৰিশ্মা চক্ৰৱৰ্তীৰ দশম স্থান

ছেইন্ট ষ্টিফেন্স হাইস্কুলৰ জুৰিশ্মা চক্ৰৱৰ্তীৰ দশম স্থান

ৰঙিলী বাৰ্ত্তাসেৱা-  ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গুৱাহাটীৰ খ্ৰীষ্টানবস্তীস্থি ৃত ছেইন্ট ষ্টিফেন্স হাইস্কুলৰ পৰা জুৰিশ্মা চক্ৰৱৰ্তীয়ে দশম স্থান পাবলৈ সক্ষম হৈছে৷সৰ্বমুঠ ৫৮৮ নম্বৰ পোৱা জুৰিশ্মাই ইংৰাজীত ৯৮,অসমীয়াত ৯৬,গণিতত ১০০,সমাজ বিজ্ঞানত ৯৬,বিজ্ঞানত ৯৮,ঐশ্চিক গণিতত ১০০ নম্বৰ পাবলৈ সক্ষম হৈছে৷৯৮শতাংশৰে স্থানপোৱা জুৰিশ্মাই ইংৰাজী,অসমীয়া,গণিত,ঐশ্চিক গণিত,বিজ্ঞানত ঘৰুৱা শিক্ষকৰ সহায় লোৱা বুলি প্ৰতিবেদকক জানিবলৈ দিয়ে৷প্ৰতিদিনে ৩-৪ ঘন্টাকৈ পঢ়া জুৰিশ্মাই আজৰি সময়ত বাহিৰা কিতাপ,ছবি অঁকা,গান শুনি ভাল পোৱাৰ কথা সদৰি কৰে৷ভৱিষ্যতে কটন বিশ্ববিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি কৰি অধ্যাপক হোৱাৰ সপোন থকাৰ কথাও জুৰিশ্মাই কয়৷দেউতাক,ব্যৱসায়ী জয়ন্ত চক্ৰৱৰ্তী,মাক ঊষা ৰাণী চক্ৰৱৰ্তীৰ কন্যা জুৰিশ্মাই দশম স্থান লাভ কৰাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰ- ছাত্ৰী,অঞ্চলটোৰ স্থানীয় ৰাইজে আনন্দত উৎফুল্লিত হৈ পৰে৷