ছিগালৰ আৰু এখন নতুন নাটক “লাইচেঞ্চ”

ছিগালৰ আৰু এখন নতুন নাটক “লাইচেঞ্চ”

ৰঙিলী বাৰ্ত্তাসেৱা- ১৯৯০ চনৰ পৰাই ছিগালে নিৰন্তৰ নাট্য অনুশীলন আৰু প্ৰদৰ্শন কৰি আহিছে – ৰাজ্যৰ ভিতৰে বাহিৰে। ছিগালৰ মজিয়াতে জন্ম হৈছে বহু অভিনেতাৰ- বহু পৰিচালকৰ। এটা বছৰতে ইতিমধ্যে দুজনকৈ নতুন পৰিচালক ক্ৰমে বৰ্ষা বাহাৰ আৰু নিৰ্মালী শৰ্মাই দুখনকৈ নাট পৰিৱেশন কৰাৰ পাছত আৰু এজন অভিনেতা বিকাশ দাসে পৰিচালক হিচাবে আত্মপ্ৰকাশ কৰিব। তেওঁৰ পৰিচালনাত ছিগালৰ শিল্পীসকলে ২৪ আৰু ২৫ জুনত নিবেদন কৰিব সাদাত হাছান মানটোৰ গল্পৰ আধাৰত নাটক – “লাইচেন্স” ।জুৰোড স্থিত জুৰণি পথত থকা ছিগাল ষ্টুডিওত দুইনিশা মঞ্চস্থ হ’বলগীয়া নাটখনত অভিনয় কৰিব- অভিষেক ভাৰতী,মৃগাংক কুমাৰ নাথ,আফতাব হুছেইন, সুৰঞ্জনা কলিতা,মাহিকা আগৰৱালা,গৌৰঙ্গ নাৰায়ণ দেৱ,ৰাকিবুল আহমেদ,অমৰ কলিতা,মনিকা শ্ৰী মণ্ডল,মনাস্বীতা নাথ,অংকিতা বৈশ্য,জুৰিন মহন্ত ,দেৱ শংকৰ নাথ আৰু ভাৰত চাহু । সংগীত – ধনজিত বড়ো আৰু পোহৰ সজ্জা ভাগীৰথীৰ। ব্যৱস্থাপনা জীয়া বাহাৰ ।