ছিকিমত কেইবা ঠাইত ভয়ংকৰ ভূমিস্খলন

Pc The Janambhumi

ৰঙিলী বাৰ্ত্তাসেৱা-  বৃহস্পতিবাৰে পুৱাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ছিকিমৰ কেইবাঠাইত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ ফলত পথসমূহত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰিছে। লগতে চৰকাৰে, আৱাসীসকলক প্ৰয়োজন নোহোৱালৈকে ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে। বাতৰি অনুসৰি, পূব ছিকিমৰ চিংটাম আৰু ৰংপোৰ মাজত ২০ মাইল এলেকাত হোৱা বৃহৎ ভূমিস্খলনত ২০ নং ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে, যাৰ ফলত গেংটকলৈ যোৱা পথৰ যাতায়াত ব্যাহত হৈ পৰিছে। পূব ছিকিম জিলা কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে, “২০ মাইলত ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰা পথ মুকলি কৰিবলৈ কিছু সময় লাগিব পাৰে, কিয়নো ধাৰাসাৰ বৰষুণৰ ফলত কাম লেহেমীয়া গতিত চলি আছে আৰু ঢিলা পাথৰবোৰ একেৰাহে পাহাৰৰ পৰা ৰাস্তাত পৰি আছে।