ছত্র
সংগীতা গোস্বামী
ৰিমঝিম মুকুতাবোৰক এঠেঙীয়াটোৱে পাখি মেলি সম্পূৰ্ণ বাধা দিব পৰা নাই।
“দেউতা ইমান দেৰি অহা নাই ? ইমান ধাৰাসাৰৰ মাজত ছাঁ পৰা উহবোৰক বাৰু কেনেকৈ ৰোধিব?”
“দেউতা আহিলি ? তই এটা কিনিলিনে ?”
এশদুই ডিগ্ৰীৰ শৰীৰটোত স্পৰ্শ কৰা কিছু কণিকা বাষ্পীভূত হৈ পৰিছিল।
জঠৰ শৰীৰটোৱে বহন কৰি অনা বৰখাস্তৰ স্বাক্ষৰখনে চিঞৰিছিল। “কামত গাফিলতি ?? মথাউৰিৰ ফাইলত জোখ মাপৰ খেলিমেলি ??”
তাইৰ প্ৰয়োজনটোতকৈও তেওঁৰ মায়’পিয়া দূৰ কৰাযোৰৰহে বেছি প্ৰয়োজন আছিল।