চৰিত্ৰ
শৈলেন কুমাৰ, মিৰ্জা
মাধৱ আৰু যাদৱ দুই বন্ধুৰ কথোপকথন ৷ মাধৱ আজি কিছুদিনমান আগতে হোৱা পথ দুৰ্ঘটনাত আহত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে ৷ দুয়োজন বন্ধু সৰুৰেপৰা নলেগলে লগা বন্ধু ৷ কিন্তু মাধৱে যাদৱৰ হঠাৎ হোৱা উন্নতিৰ বাবে পেটেপেটে হিংসা আৰু ঈৰ্ষা কৰে কিন্তু সম্মুখত প্ৰকাশ নকৰে ৷ মাধৱে যাদৱক বিভিন্ন সময়ত ক্ষতি কৰিবলৈ চেষ্টাত উঠিপৰি লাগি থাকে ৷ আৰু বহু ক্ষেত্ৰত মাধৱে যাদৱক শাৰীৰিক আৰু মানসিকভাৱে ক্ষতি কৰিবলৈ সফলো হৈছিল ৷ কিন্তু যাদৱে তাৰ প্ৰত্তুত্যৰ কোনোদিনে দিয়া নাছিল ৷ আজি মাধৱ চিকিৎসালয়ত ভৰ্তি হৈ আছে,তাৰ খৱৰ এটা লবলৈ কোনো ওচৰত নাই ৷ এবটল তেজৰ বাবে মাধৱে আজি দয়াভিক্ষা বিচাৰিছে ৷ যেতিয়া মাধৱৰ এক্সিডেণ্টৰ খৱৰ যাদৱে পালে, তেতিয়া যাদৱে ততাতৈয়াকৈ চিকিৎসালয়ত গৈ মাধৱক ৰক্তদান কৰি কিছু টকা চিকিৎসাৰ সহায় হওক বুলি মাধৱৰ হাতত তুলি দিলে ৷ যাদৱৰ এনে মহানুভৱতা দেখি মাধৱে হুকহুকাই কান্দিবলৈ ধৰিলে ৷ যাদৱৰ মুখলৈ চাই মাধৱে ক’লে “ বন্ধু তোমাক মই ইমান যাতনা দুখকষ্ট দিলোঁ তথাপি তুমি আজি মোৰ এই দুঃসময়ত সহায় কৰিবলৈ আগুৱাই আহিছা,ইমান সহায় কৰাৰ উদ্দেশ্য কি? জানিব পাৰিম নে ? তেতিয়া যাদৱে ক’লে “ হেৰা বন্ধু সাপক যদি গাখীৰ খুওৱা যায় বা অজগৰক যদি উপকাৰ কৰা যায় তথাপিও সিহঁতে দংশন বা গিলিবই কাৰণ সেইটো সিহঁতৰ চৰিত্ৰ কিন্তু প্ৰকৃত মানুহৰ চৰিত্ৰ হ’ল দংশিত হোৱাৰ পাছতও নিজৰ মানৱতা ধৰি ৰখাটো গতিকে বন্ধু তুমি যিটো মোক কৰিলা সেয়া তোমাৰ চৰিত্ৰ আৰু মই যিটো কৰিছোঁ সেইটো মোৰ চৰিত্ৰ ৷