চৰকাৰ, ক’ৰণা আৰু লকডাউন – সংগ্ৰহ উৎপল কলিতা

pc-outlookindia

চৰকাৰ, ক’ৰণা আৰু লকডাউন

চৰকাৰৰ অপৰিকল্পিত লকডাউন তথা সান্ধ্য আইন- যি মথো এক ভেকো ভাওঁনা। দৈনন্দিন জীৱনত পৰিকল্পনা অবিহনে আমি এটা দিন নিয়াৰিকৈ চলিব নোৱাৰো,তেনে ক্ষেত্ৰত মই ভাৱি আচৰিত হওঁ যে এখন চৰকাৰে কেনেকৈ পৰিকল্পনা অবিহনে এখন ৰাজ্য চলাই আছে।
ক’ৰণা এক মহামাৰি ,চৰকাৰৰ লগত দেশৰ নাগৰিকেও সমানে সহযোগ কৰিব লাগিব,সেই কথা নুই কৰা নাই কিন্তু দেশৰ জনসাধৰণক সুৰক্ষা প্ৰদান কৰাৰ লগতে দেশৰ উন্নতি কেনেকৈ গতি কৰি থাকিব লাগিব সেয়া মাথো চৰকাৰৰ কাম-কাজৰ ওপৰত নিৰ্ভৰশীল। ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত সন্ধিয়া ৫ বজাৰ পৰা ৰাতিপুৱা ৫ বজালৈ সান্ধ্য আইন,কিন্তু ৰাতিপুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ যি পৰিৱেশ সেই পৰিৱেশ দেখি কোনোৱে নকয় যে ৰাজ্যত ক’ৰণাৰ সংহাৰ চলি আছে। আজি বিধান সভাৰ অধিৱেশনত বিৰোধীয়ে কোৱাৰ দৰে যিখন চৰকাৰে মূল্য বৃদ্ধিৰ ওপৰত প্ৰশ্ন কৰিলে তাক নাকচ কৰে সেইখনৰ চৰকাৰৰ দ্বাৰা ৰাজ্যৰ উন্নয়ন কেনেদৰে আশা কৰিব পাৰি। ৰাজ্যত সকলো অব্যাহত আছে, আনকি আন্তঃ জিলা যাতায়ত বন্ধৰ নামত কেৱল চিটি বাছ কেইখন বন্ধ আছে কিন্তু স্কুল-কলেজ সকলো বন্ধ,মই কোৱা নাই যে এনেকুৱা পৰস্থিতিত ছাত্ৰ- ছাত্ৰীৰ জীৱন ধ্বংস কৰিবলৈ স্কুল-কলেজ খোলক! কথাটো হ’ল ৰাজ্যত সকলোবোৰ টো নিয়াৰিকৈ চলিয়ে আছে তেন্তে কেৱল স্কুল-কলেজ কিয় বন্ধ? মূল্য বৃদ্ধি ৰোধৰ উপৰত চৰকাৰে কি কৰিছে আজিলৈ একো খৱৰ নাই,আচলতে যি চৰকাৰৰ যোগান মন্ত্ৰীয়ে কেৱল “নিমখ” ৰ মূল্য বৃদ্ধিৰ ওপৰত নিয়ন্ত্ৰণ আনিব পাৰে বুলি মন্তব্য কৰে তেনে চৰকাৰৰ পৰা বেলেগ আশা কৰা ৰাজ্যবাসীৰ বাবে এটা অভিশাপ স্বৰূপ। চৰকাৰী দৰমহা পোৱা ব্যক্তিসকল চলি আছে,চলি যাৱ কিন্তু এই ক্ষুদ্ৰ ব্যৱসায় কৰি দৈনিক জীৱন-যাপন কৰি পৰিয়ালক পোহ-পাল দিয়া মানুহখিনিৰ কি হ’ব?কি হৈ আছে?পেট্ৰ’ল ১০০টকা, মিঠাতেল ২৫০ টকা! আৰু এইবোৰৰ বিৰুদ্ধে মাত মতা কেইজন অপৰাধী? দুচকীয়া বাহনত ল’ৰা- ছোৱালী,ছোৱালী-ছোৱালী উঠিলে চৰকাৰৰ একো অসুবিধা নাই কিন্তু ল’ৰা – ল’ৰা উঠিলে সেয়া হয় ক’ভিড প্ৰট’কলৰ অমান্য কৰা, কেনে ধৰণৰ অদ্ভুত-আচৰিত কথা। দেশৰ তথা পৃথিৱীৰ বহুত ঠাইত কভিদ ৰোগীৰ সংখ্যা তেনেই নগণ্য কিন্তু আমাৰ সোণৰ(?) অসমত প্ৰতিদিনে বৃদ্ধি পাইছে কভিদ ৰোগী। ৫০ শতাংশ যাত্ৰীৰে বাছ চলাচলৰ নিৰ্দেশ দিছিল চৰকাৰে কিন্তু ? নাই চৰকাৰৰ একো নাই। দৰাচলতে আমাৰ মানুহখিনিও অবুজ! যি নহওঁক এটাই কথা কম চৰকাৰ ব্যৰ্থ,সম্পূৰ্ণ ৰূপে ব্যৰ্থ। মুখৰ কথা ,হাঁহি আৰু দাড়িৰে ৰাজ্য তথা দেশ নচলে, তাৰ বাবে পৰিকল্পনাৰ প্ৰয়োজন যিটো বৰ্তমান চৰকাৰ তিল মানো নাই। by utpal kalita