চৰকাৰে সদায় উচিত পাত্ৰতহে দান কৰিব লাগে- পিংকু ডেকা

Pc iskcon dwarka
চৰকাৰে সদায় উচিত পাত্ৰতহে দান কৰিব লাগে
আমি  সকলোৱে জানো যে 1954 চনৰ পৰাই ভাৰত চৰকাৰে ভিন্ন দিশত নিজ কৰ্মৰাজিৰ জৰিয়তে উদ্ভাষিত সমাজলৈ অৰিহণা যোগোৱা প্ৰায় খিনি ব্যক্তিক পদ্ম সন্মান প্ৰদান কৰি আহিছে। বিভিন্ন দেশ বিদেশৰ ব্যক্তিকো এই বঁটা প্ৰদান কৰা হয়। আকৌ ভাৰতৰ সৰ্বোচ্চ অসামৰিক পদক ভাৰত ৰত্নৰ পিছতেই এই পদ্ম বঁটাক স্থান দিয়া হয়। ইতিমধ্যে শেহতীয়াকৈ  এইবাৰো দেশৰ 2021 বৰ্ষৰ পদ্ম বঁটা সমূহ প্ৰদান কৰা হল। এই বঁটা দেশৰ বিভিন্ন জনে পাবলৈ সক্ষম হল। এইখিনিতেই 2021 বৰ্ষত পদ্ম সন্মান লাভ কৰিবলৈ সক্ষম হোৱা প্ৰত্যেক জন ব্যক্তিলৈ আমাৰ আন্তৰিক অভিনন্দন তথা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। কিন্তু কথা হল এতিয়া 2021 বৰ্ষত এই বঁটা লাভ কৰা  ব্যক্তি সকলৰ মাজত দুই এজন এনেকুৱা ব্যক্তিয়ে লাভ কৰিলে নেকি যি প্ৰকৃততে সেই বঁটাৰ বাবে হয়তো এতিয়াও যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা হোৱা নাছিল বা এনেকুৱা দুই এজন ব্যক্তিও ৰৈ গল নেকি যি প্ৰকৃততে এই বঁটাৰ বাবে সৰ্বতোপ্ৰকাৰে যোগ্য আছিল। কিয়নো যিটো সময়ত ইংৰাজৰ হাতৰ পৰা দেশৰ পিতা মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰি পয্যায় ক্ৰমে আজিৰ এটা অৱস্থালৈ আগুৱাই যাবলৈ বাট ধৰি দিলে তেনেকুৱা এটা সময়ত অলপ মান হিন্দী বোলছবিত অলপ মান নাচ গান কৰি পদ্মশ্ৰী বঁটাটো পোৱা মাত্ৰকেই জ্ঞানৰ পৰিসৰৰে ভৰি পৰি পাৰ ভাঙি বৰ্তমান সময়তহে দেশ খনে প্ৰকৃত স্বাধীনতা পোৱাৰ কথা সংবাদ মাধ্যমৰ আগত দাঙি ধৰিলে। গতিকে প্ৰশ্ন হয় এতিয়া তেনেকুৱা এজন নিম্ন খাপৰ ঠেক মনোবৃত্তিৰ ব্যক্তিক এই পদ্ম সন্মান প্ৰদান কৰি বাকী পদ্ম সন্মান পাবলৈ সক্ষম হোৱা  গণ্য মান্য ব্যক্তি সকলৰ মনত আঘাত হানিলে নেকি? আকৌ ৰাজ্যৰ খনৰেই  অন্য এটা কথা টানি আনিব  বিচাৰিছো। যে যিজন ব্যক্তিয়ে নিজস্র ইচ্ছামতে অসমীয়া চিনেমা চোৱা নাই বা নাচাই অন্যথা অসমীয়া চিনেমা চাই ভাল নাপায় বুলি সংবাদ মাধ্যমৰ আগত দম্ভালি মাৰিছিল তেনেকুৱা এজন ব্যক্তিকেই আকৌ Assam state film finance & development corporation ৰ চেয়াৰমেন হিচাপে ৰাজ্য চৰকাৰে নিযুক্তি প্ৰদান কৰিছে। অসমীয়া চিনেমা জগতত কাম কৰি অসমীয়া চিনেমা জগত খন বহল পৰিধিলৈ লৈ যোৱা গুণী জ্ঞানী  অভিজ্ঞতা পুষ্ট লোকে পাব লগীয়া এই পদবী এনেধৰনৰ ব্যক্তিলৈ কিয়? নে দুটা এটা নিৰ্বাচনী প্ৰচাৰৰ চৰকাৰী গান গাই ৰাজ্য চৰকাৰৰ  অতিকৈ আপোন আপোন হৈ পৰাৰ কাৰণেই এনেধৰনৰ ব্যক্তিলৈ এই পদবী। অসমীয়া চিনেমাৰ প্ৰতি এনেধৰনৰ ঠেক মানসিকতাৰে ভৰি পৰা  ব্যক্তিয়ে ভৱিষ্যতে অসমীয়া চিনেমা জগতত কি অৰিহণা যোগাব পাৰিব সেয়া হয়তো সকলোৱে ইতিমধ্যে অনুমান কৰিব পাৰিছে। ৰাজ্য চৰকাৰে কিন্তু এই ক্ষেত্ৰত বিবেচনা কৰি চোৱাৰ প্ৰয়োজনীয়তা আছিল। গতিকে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ কাতৰ আহ্বান আপোনালোকে ঘৰৰ গাজি কল ঘৰৰ মানুহৰ মাজত ভগাই খোৱাৰ বিপৰীতে সমাজৰ ভাল অন্য  মানুহকো সেই গাজি কলৰ অংশীদাৰ কৰি উচিত পাত্ৰহে দান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। তেতিয়াহে চৰকাৰ তথা ৰাইজৰ মঙ্গল হব।
পিংকু ডেকা,
ওদালগুৰি,
ভেৰগাঁও