চৰকাৰে প্ৰতিশ্ৰুতি ৰূপায়ন নকৰাটোক দুৰ্ভাগ্যজনক আখ্যা

চৰকাৰে প্ৰতিশ্ৰুতি ৰূপায়ন নকৰাটোক দুৰ্ভাগ্যজনক আখ্যা
অংগনৱাড়ী কৰ্মী-সহায়িকাৰ আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন অসম জাতীয় পৰিষদৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পাৰিশ্ৰমিক বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিও ৰাজ্য চৰকাৰে সেয়া পূৰণ নকৰাটোক দুৰ্ভাগ্যজনক আখ্যা দিছে অসম জাতীয় পৰিষদে। সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ নেতৃত্বত দলৰ এটা প্ৰতিনিধি গোটে গুৱাহাটীৰ চচলত অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই আজি আয়োজন কৰা প্ৰতিবাদস্থলিত উপস্থিত হৈ তেওঁলোকৰ সমস্যাৰ বুজ লয়। এই সন্দৰ্ভত দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অসম বিধান সভাৰ চলিত বাজেট অধিৱেশনত বিত্তমন্ত্ৰী অজন্তা নেওগে আগবঢ়োৱা বাজেট ভাষণত অংগণৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছিল। কিন্তু বিধান সভাত দাখিল কৰা বাজেট প্ৰস্তাৱত মাননি বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া নাই। এয়া চৰকাৰৰ প্ৰতাৰণামূলক কাৰচাজি। তেওঁ কয় যে অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিবাগৰ সঞ্চালকে ২০২৩ চনৰ ১২ অক্টোবৰৰ দিনা ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা পত্ৰত এইবুলি প্ৰস্তাৱ দিছিল যে অংগনৱাড়ী কৰ্মীৰ মাননিৰ ৰাজ্য চৰকাৰৰ অংশ বৰ্তমানৰ দুহেজাৰ টকাৰ ঠাইত ৫৫০০ টকা, অংগনৱাড়ী সহায়িকাৰ মাননিৰ ৰাজ্য চৰকাৰৰ অংশ ১০০০ টকাৰ ঠাইত ২৭৫০ টকা আৰু মিনি ৱৰ্কাৰৰ মাননিৰ ৰাজ্য চৰকাৰৰ অংশ ১২৫০ টকাৰ ঠাইত ৩৪৫০ টকালৈ বৃদ্ধি কৰিব লাগে। কিন্তু ৰাজ্য চৰকাৰে এই সন্দৰ্ভত একো ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰাটো দুৰ্ভাগ্যজনক।এই দাবীৰে অংগনৱাড়ী কৰ্মী-সমৰ্থকসকলে চলোৱা আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই গগৈয়ে কয় যে চৰকাৰে উল্লিখিত দাবী পূৰণ নকৰালৈকে কৰ্মী-সহায়িকাশকলৰ সকলো গণতান্ত্ৰিক আন্দোলনত অসম জাতীয় পৰিষদে সমৰ্থন আৰু সহযোগিতা আগবঢ়াই যাব।