চৰকাৰী বন্ধ সম্পর্ক স্পষ্টীকৰণ

pc Magical Assam

চৰকাৰী বন্ধ সম্পর্ক স্পষ্টীকৰণ

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- চৰকাৰী বন্ধৰ অধিসূচনা সংক্রান্তত জাৰি কৰা শুধৰণি অধিসূচনাৰ বিষয়ে সামাজিক মাধ্যমত ভুলকৈ চর্চা হােৱা বাবে সাধাৰণ প্রশাসন বিভাগে বন্ধ সম্পৰ্কত পুনৰ এক শুধৰণি অধিসূচনা জাৰি কৰিছে। পূর্বে প্রকাশিত বন্ধৰ তালিকাত ঈদ-উল-ফিটৰ গ্রেগৰিয়ান কেলেণ্ডাৰ মতে ১০ জুলাই, ২০২২ আৰু অসমীয়া কেলেণ্ডাৰ (ভাস্কৰাব্দ) অনুসৰি ২৪ আহাৰত বুলি প্রকাশ পাইছিল। নতুনকৈ জাৰি কৰা অধিসূচনাত এইটো স্পষ্ট কৰি দিয়া হৈছে যে অসমীয়া তাৰিখটো ২৪ আহাৰৰ পৰিবৰ্তে ২৫ আহাৰ হ’ব।। আনহাতে সীমিত বন্ধৰ ক্ষেত্ৰত ২০ জুনৰ বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু দিৱসটি অসমীয়াত ৪ আহাৰৰ পৰিবৰ্তে ৫ আহাৰ,৩০ জুনৰ হুল দিৱসটি অসমীয়াৰ ১৪ আহাৰৰ পৰিবৰ্তে ১৫ আহাৰ আৰু ১৩ জুলাইৰ নেপালী কবি ভানু ভক্ত আচার্যৰ জন্ম দিৱসটি অসমীয়াৰ ২৭ আহাৰৰ পৰিবৰ্তে ২৮ আহাৰ হ’ব লাগে বুলি অধিসূচনাত উল্লেখ কৰা হৈছে