চোৰ – কাজি শ্বাহাদত ইছলাম

চোৰ
কাজি শ্বাহাদত ইছলাম
সময় ৰাতি ১২ টা। হঠাতে মোৰ বাথৰুমলৈ যোৱাৰ প্ৰয়োজন হৈছে বুলি মই অনুভৱ কৰিলোঁ । একে বিছনাত থকা ভাগিন ল’ৰাটোৰ টোপনি নাভাগক বুলি লাহেকৈ উঠি বাথৰুমৰ ফালে খোজ ল’লোঁ। বাথৰুমৰ ভিতৰত লাইট নাই যদিও বাহিৰত ১০০ ৱাটৰ বাল্ব এটা আছে। মই ইচ্ছা কৰিয়েই নজ্বলালোঁ।মই ভাবিলোঁ লাইটটো জ্বলোৱাৰ লগে লগেই সূৰ্যৰ দৰে জিলিকি উঠিব আৰু সকলোৰে টোপনিত ব্যঘাত জন্মিব। যি হে ৰুমৰ বেৰবোৰ। মাছ মৰা জালৰ দৰে ফাঁক ফাঁক তৰ্জাৰ বেৰ সেয়া। ৰুমৰ ভিতৰৰ পৰা আকাশৰ তৰা গণিব পাৰি। মূদ্ৰালোভী কৃপণ মালিকজনে ঠগ-বাজিৰ টকাৰে বিল্ডিংখনৰ ছাদ ঢালাই কৰিছে, কোনোমতে কিন্তু তলৰ দুটা ৰুম নিজৰ কাৰণে পকী কৰি ওপৰৰ তলাবোৰত যধে মধে তৰ্জাৰ বেৰেৰে নাম মাত্ৰ ৰুম বনাই দিছে। ১০খন ৰুমৰ বাবে এখন লেট্ৰিন। লেট্ৰিনৰ ভিতৰতেই গা ধোৱাৰ ব্যৱস্থা কৰা আছে। উপযুক্ত পানীৰ অভাৱত লেট্ৰিনখনত নাক নঢকাকৈ সোমাব নোৱাৰি। মই নাকটো বনিয়নৰ তলেদি সোমাই দি প্ৰস্ৰাৱ কৰি শব্দহীন খোজেৰে আহি আকৌ শুই পৰিলোঁ।
ঃঐ মিন্টু, ঐ আলম,উঠ উঠ! অ’ খুৰা,অ’ বাইদেউ উঠক উঠক! মালিকৰ জোঁৱাই ৰাজুৱে কণ্ঠ চেপা মাৰি চিঞৰিব ধৰিলে।মোৰ দুচকু তন্দ্ৰাচ্ছন্ন। ভালকৈ টোপনি যোৱা নাছিলোঁৱে। মই আচৰিত হৈ পৰিলোঁ লগতে মনত ভয় সোমাই পৰিল। ঘটনাটো কি ? বুজিবলৈ যত্ন কৰিলোঁ যদিও কঠিন সাঁথৰৰ দৰে একোৱেই নুবুজিলোঁ।
ঃআলম, ঐ আলম!উঠচোন উঠ।ভাগিনজনৰ কাণৰ ওচৰত মই ফুচফুচাই মাতিলোঁ।
তেওঁ উঠি বহিল। ইতিমধ্যে কৰিড’ৰত সকলোৰে হাল্লা। আমিও ৰুমৰ পৰা ওলাই পৰিলোঁ। সকলো সমদলৰ পিছফালে থকা জনসাধাৰণৰ দৰে চিঞৰি আছে যদিও মূল কথাটো কোনেও ক’ব পৰা নাই।ৰাজুক সোধাত গম পালোঁ যে বিল্ডিঙত হেনো চোৰ সোমাইছে। মই ভয়তে পেঁপুৱা লাগি গ’লোঁ। মই চোৰক বৰ ভয় পাওঁ। আজিও যদি আমাৰ গাঁৱত চোৰৰ ছুৰীৰ আঘাতত মৃত্যু হোৱা কিয়ামুদ্দিনৰ সৰকাৰৰ মনত পৰে মোৰ লোম শিহৰি উঠে। মই ৰুমত সোমাই পৰিম বুলি আঁতৰিবলৈ চেষ্টা কৰিলোঁ যদিও ৰাজুৱে মোৰ সৈতে আৰু দুজনক বিল্ডিঙৰ তলত থকা মূল গেইটলৈ যাবলৈ আদেশ দিলে। কেইজনমানক ছাদৰ ওপৰলৈ যাবলৈ ক’লে। সকলোৱে দৌৰা-দৌৰিকৈ গোটেই বিল্ডিঙখন আৱৰি পেলালে। সকলোৰে হাতত জাঠি-জোং। ময়ো ভয়ে ভয়ে তললৈ লৰ মাৰিলোঁ সিহঁতৰ লগত। গেইটত তলা মৰা আছে। বাউণ্ডেৰী ওৱাল বৰ ওখ লগতে সুৰক্ষাৰ কাৰণে ওৱালৰ ওপৰেৰে কাচৰ টুকুৰা ব্যৱহাৰ কৰা হৈছে। “তেন্তে চোৰ আহিল কোনফালেদি?”- সকলোৰে মনত প্ৰশ্ন।কিছু সময় চিঞৰ বাখৰৰ অন্তত সকলো আকৌ গোট খালে। জেষ্ঠ জনে পুলিচক কল কৰাৰ পৰামৰ্শ দিলে। কথা মতেই কাম।
ঃৰ’বা ৰ’বা।পুলিচক মাতি পঠিওৱাৰ আগতে ভালকৈ আলোচনা কৰি লোৱা। আচলতে হৈছেনো কি? মালিকে উপদেশ দিলে।
ঃআচলতে আমি সকলোৱে যেতিয়া টোপনি যাওঁ বাহিৰৰ লাইট বন্ধ কৰি থওঁ। লেট্ৰিনত গ’লে লাইট জ্বলাই লওঁ। আৰু এই কথাটো আমাৰ সকলোৰে অৱগত। কিন্তু কিছু সময় আগতে চোৰ আহিছিল,কৰিড’ৰেদি সোমাই আহি বাথৰুমলৈকেও গৈছিল। মই স্পষ্টকৈ ভৰিৰ খোজৰ শব্দ শুনিবলৈ পাইছোঁ। মই উমান পাই ৰুমৰ লাইট জ্বলোৱাৰ লগে লগে চোৰটো পলাল।ৰাজুৰ বিৱৰণ শুনি মই মনে মনে খুব হাহিলোঁ।মনৰ কথা ক’ব খুজিও নোকোৱাকৈ আহি বিচনাত বাগৰ দিলোঁ।