চোৰাংচোৱাই আৰক্ষীক দিছে বিস্ফোৰক খবৰ

Pc The Janambhumi

চোৰাংচোৱাই আৰক্ষীক দিছে বিস্ফোৰক খবৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  চোৰাংচোৱাই অসম আৰক্ষীক দিছে বিস্ফোৰক খবৰ।আলফা (স্বাঃ)ৰ টাৰ্গেটত অইল ইণ্ডিয়াৰ পাইপ লাইন,চাহ বাগিচা,ভাষিক সংখ্যালঘু লোক৷তিনিচুকীয়াত বাহৰ পাতি এই মন্তব্য কৰিছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।উজনিৰ নিৰাপত্তা ব্যৱস্থা প্ৰত্যাহ্বানমূলক বুলি স্বীকাৰ কৰিছে জি পি সিঙে।চোৰাংচোৱাৰ খবৰৰ পাছতেই আলফা (স্বা)ৰ কূটাঘাট ৰোধ কৰিবলৈ সষ্টম হৈ পৰিছে সেনা আৰু অসম আৰক্ষী।চোৰাংচোৱাৰ খবৰৰ পাছতেই ইতিমধ্যে সেনা আৰু আৰক্ষীৰে সুকীয়া সুকীয়া বৈঠকত অংশ লৈ পৰিস্থিতি পর্যালোচনা কৰিছে জি পি সিঙে।আলফা (স্বাঃ)ৰ টাৰ্গেটত অইল ইণ্ডিয়াৰ পাইপ লাইন। চাহ বাগিচাটো আলফাই সংঘটিত কৰিব পাৰে কূটাঘাত।আনহাতে উজনিত ভাষিক সংখ্যালঘু লোককো টার্গেট কৰিব পাৰে আলফা(স্বাঃ)ই।চোৰাংচোৱাৰ খবৰৰ পিছতেই ইতিমধ্যে কটকটীয়া কৰি তোলা হৈছে উজনি অসমৰ নিৰাপত্তা ব্যৱস্থা।