চেন্নাইত ১১ বছৰীয়া ট্ৰিপল জাম্পৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিলে ঐশ্বৰ্যই

চেন্নাইত ১১ বছৰীয়া ট্ৰিপল জাম্পৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিলে ঐশ্বৰ্যই

ৰঙিলী বাৰ্ত্তাসেৱা- ৬১ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপত চেন্নাইত ১৪.১৪ মিটাৰ জাম্প কৰি কৰ্ণাটকৰ ঐশ্বৰ্য বিয়ে ট্ৰিপল জাম্পৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে। ২৪ বছৰীয়া যুৱতীগৰাকীয়ে তেওঁৰ তৃতীয় প্ৰচেষ্টাত মায়োখা জনীয়ে (১৪.১১ মিটাৰ) স্থাপন কৰা ১১ বছৰীয়া অভিলেখ ভংগ কৰে। উল্লেখযোগ্য যে দেওবাৰে মহিলাৰ লং জাম্পত ৬.৭৩ মিটাৰ দূৰত্ব জপিয়াই নতুন মিট অভিলেখ গঢ়িবলৈ সক্ষম হয়।