চেঞ্চুৰিয়ানত আজি দক্ষিণ আফ্রিকা আৰু টীম ইণ্ডিয়াৰ মাজত অনুষ্ঠিত হ’ব তৃতীয়খন টি-২০
ৰঙিলী বাৰ্ত্তাসেৱা- ঘৰুৱা দল দক্ষিণ আফ্রিকা আৰু টীম ইণ্ডিয়াৰ মাজৰ চাৰিখনীয়া টি-২০ মেচৰ শৃংখলাটোৰ তৃতীয়খন টি-২০ মেচ আজি চেঞ্চুৰিয়ানত অনুষ্ঠিত হ’ব। ইতিমধ্যে শৃংখলাটোৰ প্ৰথমখন মেচত টীম ইণ্ডিয়াই আৰু দ্বিতীয়খন মেচত দক্ষিণ আফ্রিকাই জয়লাভ কৰাৰ পিছত আজিৰ মেচখন দুয়োটা দলৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। শৃংখলাটোত অগ্ৰগতিৰ লক্ষ্যৰে খেলপথাৰত নামিব যদিও মেচখনৰ পূৰ্বে বেটিং ব্যর্থতাই চিন্তাত ৰাখিছে ভাৰতীয় দলটোক। দেওবাৰে হৈ যোৱা দ্বিতীয়খন মেচত ভাৰতীয় দলটোৰ বেটাৰসকলে নিজৰ ছন্দ অনুসাৰে খেলাত সম্পূৰ্ণৰূপে ব্যর্থ হৈছিল। আগশাৰীৰ বেটাৰসকল সম্পূৰ্ণৰূপে ব্যর্থ হোৱাত মেচখনত ভাৰতে বৃহৎ স্ক’ৰ সংগ্ৰহ কৰাত ব্যর্থ হয় আৰু পৰাজয় সংকটত টক্তি বৰণ কৰিবলগীয়া হয়। মেচখন সন্দর্ভত টীম ইণ্ডিয়াৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱে কয় যে আমি আমাৰ শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিব পৰা নাই। মোৰ লগতে বাকীসকল বেটাৰেও ক্ৰিজত অধিক সময় তিষ্ঠিব পৰা নাই। আশা কৰিছোঁ আমি বৃহৎ স্ক’ৰ থিয় কৰাব পাৰিব। বেটাৰসকলে নিজৰ ছন্দ ওভতাই পাব। ইফালে বৰুণ চক্ৰৱৰ্তীৰ বলিঙক প্রশংসা কৰি অধিনায়ক সূর্যকুমাৰে কয় যে প্ৰথমখন মেচৰ লগতে দ্বিতীয়খন মেচতো বৰুণে সুন্দৰ বলিং দাঙি ধৰিছে। আশা কৰিছোঁ আজিৰ মেচতো বৰুণে এই ধাৰা অব্যাহত ৰাখিব পাৰিব।