চি পি আইৰ সভা
মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ৰাজগড়স্থিত চি পি আইৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক সম্পাদক কনক গগৈৰ আহ্বান মৰ্মে এখন সংবাদ মেল অনুষ্ঠিত হয়। মহানগৰ প্ৰাক্তন সভাপতি চক্ৰেশ্বৰ কলিতাৰ সভাপতিত্বত কেন্দ্ৰীয় সাধাৰণ সম্পাদক বি কে কংগোৰ উপস্থিতিত এখন ৰুদ্ধদ্বাৰ আলোচনা সভাত কেইবাটাও সাংগঠনিক আৰু ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰি সংবাদ মেল যোগে ৰাজহুৱা কৰে। বিজেপি চৰকাৰ বৰ্তমান মূল্যবৃদ্ধি নিয়ন্ত্ৰণ, নিবনুৱাৰ সমস্যা সমাধান, মহিলাৰ সামাজিক নিৰাপত্তা প্ৰদান আদিত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে। শিক্ষক কৰ্মচাৰীৰ আমৰণ অনশন আৰু বহুদিনীয়া দাবী সমূহৰ প্ৰতি দলে সম্পূৰ্ণ সমৰ্থন আগবঢ়ায়, আৰু দাবী সমূহ অতি শীঘ্ৰে পুৰণ কৰাৰ বাবে চৰকাৰক আহ্বান জনায়।গো মাংসৰ সন্দৰ্ভত এক পক্ষীয় কেবিনেটত সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহণা দি এই সিদ্ধান্ত বাতিলৰ আহ্বান জনায়। এক দেশ এক নিৰ্বাচন দেশৰ যুক্ত ৰাষ্ট্ৰীয় ব্যৱস্থাক সম্পূৰ্ণ ধংস কৰিব বিচাৰিছে। আদানি গ্ৰুপক সুৰক্ষা দিবলৈ বিজেপি চৰকাৰ উঠি পৰি লাগিছে। লগতে বিজেপি নেতাক আদানিয়ে উৎকোচ দিয়াৰো তথ্য মজুত আছে। মণিপুৰত অৰাজকতাৰ সৃষ্টি হোৱাৰ পিছতো আজি পৰ্য্যন্ত প্ৰধানমন্ত্ৰীয়ে সঠিক ব্যবস্থা নোলোৱাৰ অভিযোগ তোলে।আজিৰ সংবাদ মেলত চি পি আইৰ কেন্দ্ৰীয় সম্পাদক বি কে কংগো, ৰাজ্যিক সম্পাদক কনক গগৈ, প্ৰাক্তন সভাপতি মুনিন মহন্ত আৰু মহানগৰ প্ৰাক্তন সভাপতি চক্ৰেশ্বৰ কলিতা প্ৰমুখ্যে সাংবাদিক সহ ১৭ জন কৰ্মকৰ্তা উপস্থিত থাকে। সংবাদ মেল সমাপ্ত হোৱাৰ পিছত পুনৰ ১২:২০ বজাৰ পৰা ২:০০ বজালৈ ৰুদ্ধদ্বাৰ সভা( কাউঞ্চিলিং সভা)কেন্দ্ৰীয় সম্পাদক বি কে কংগোৰ উপস্থিতিত আগন্তুক গাঁও/ আঞ্চলিক/ জিলা পঞ্চায়ত নিৰ্বাচনত চি পি আই দলে অকলে অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সমূহ গাঁও পঞ্চায়ত, আঞ্চলিক, জিলা ৰাজ্যিক কৰ্মকৰ্তা তথা বিষয় ববীয়া সকলক অধিক দৃঢ়তাৰে মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। কাউঞ্চিলিং সভাত উক্ত ব্যক্তি সমূহৰ উপৰিও জিপাল কৃষক সভাৰ সম্পাদক জয়ন্ত গগৈ, অন্যতম সদস্য চিত্তৰঞ্জন দাস, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ উপ সভানেত্ৰী অসমী গগৈ, পৰমেশ্বৰ দাস, বিপুল তালুকদাৰ প্ৰমুখ্যে প্ৰায় ২২ জন লোক উপস্থিত থাকে৷