চি আই ডিৰ আই জি পি দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে মাটিয়া আৰক্ষী থানাত গোচৰ জোনালী নাথৰ স্বামীৰ

চি আই ডিৰ আই জি পি দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে মাটিয়া আৰক্ষী থানাত গোচৰ জোনালী নাথৰ স্বামীৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- গোৱালপাৰা বিজেপিৰ সম্পাদিকা জোনালী নাথৰ হত্যাকাণ্ডৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰাৰ মাজতে এইবাৰ জোনালী নাথৰ পৰিয়ালে চি আই ডিৰ আই জি পিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে। সোমবাৰে সমগ্ৰ ঘটনাক লৈ এখন সংবাদমেল দি অপৰাধ অনুসন্ধান শাখাৰ আই জি পি দেৱৰাজ উপাধ্যায়ে পৰকীয়া প্ৰেমৰ পৰিণতিত এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি কৈছিল৷ একমাত্ৰ হত্যাকাৰী হাছানুৰ ইছলামৰ ভাষ্যৰ ভিত্তিতে চি আই ডিৰ  আই জি পি দেৱৰাজ উপাধ্যায়ে মৃত জোনালী নাথৰ চৰিত্ৰ হনন কৰাৰ অভিযোগ আনিছে এতিয়া জোনালীৰ পৰিয়ালে৷ মাটিয়া আৰক্ষী থানাত চি আই ডিৰ আই জি পি দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে স্বামী চন্দ্ৰ কুমাৰ নাথে৷  এজাহাৰকাৰী স্বামী চন্দ্ৰ কুমাৰ নাথে এজাহাৰত এই হত্যাকাণ্ডৰ ঘটনাক আৰক্ষী বিষয়াগৰাকীয়ে বিপথে পৰিচালিত কৰাৰ অভিযোগ আনিছে৷ লগতে স্বামী চন্দ্ৰ কুমাৰ নাথৰ মতে হত্যাকাৰীয়ে বাহন এখন চলাই গৈ থকা অৱস্থাত খালী হাতেৰে অকলে জোনালী নাথক কেনেকৈ হত্যা কৰিলে বুলি প্ৰশ্ন কৰিছে৷ লগতে পৰকীয়া প্ৰেমৰ পৰিণতিত এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সংবাদমেলত আই জি পি গৰাকীয়ে উল্লেখ কৰাৰ আপত্তি দৰ্শাই স্বামী চন্দ্ৰ কুমাৰ নাথে পত্নীৰ চৰিত্ৰ সম্পৰ্কে গাঁৱৰ লোকক সোধা-পোছা কৰিবলৈ এজাহাৰৰ যোগেদিয়েই আহ্বান জনাইছে ৷