চিগাৰেটৰ ধোঁৱা- শতাব্দী শৰ্মা

PC-Vere

চিগাৰেটৰ ধোঁৱা

চিগাৰেটৰ ধোঁৱাত
ৰৌদ্ৰোজ্জ্বল পুৱাটিৰ এক শেষ হাঁহি ,
নিচাত ডুবি যায়
নীলাভতাৰ জিলমিল তৰাটি ৷
মনোজগতত দিন-ৰাতিৰ সন্নিকট
নতুবা হতাশাৰ উচুপনি ,
অসময়ত অবান্ষ্ণিত অর্ন্তদ্বন্ব
কিম্বা ঢেৰেকণি – গাজনি ৷
অধঃপতনৰ কাৰুণ্যৰে ভৰা
যন্ৰণাদায়ক শ্ল’গান ,
কর্মৰ ফল সন্মুখসমৰত
উৎসাহজনক নতুবা বিফলতাৰ জয়গান ৷
পুতিগন্ধময় নিথৰ দেহ
বিপদৰ অৱশেষ ,
ঘিত-মধুময় জন্মক্ষণ
ছিন্ন-ভিন্ন সপোনৰ মৰণক্ষণ ৷
চিগাৰেটৰ ধোঁৱাত ধুনীয়া ,
চিৰযুগমীয়া যাত্ৰাৰ অন্ত ৷

– শতাব্দী শৰ্মা
নগাওঁ