চিকিৎসালয় আছে, নাই চিকিৎসক এম্বুলেঞ্চৰ তৎকালীন বাৱস্থা

চিকিৎসালয় আছে, নাই চিকিৎসক এম্বুলেঞ্চৰ তৎকালীন বাৱস্থা

নিখিল ৰঞ্জন গোস্বামী, কপাহেৰা,  ৰঙিলী বাৰ্ত্তাসেৱা –  অসম চৰকাৰে হেজাৰ- বিজাৰ কোটি টকা খৰচ কৰি স্বাস্থ্যসেৱাৰ নামত। অসমৰ বিভিন্ন স্থানত বহু চিকিৎসালয় স্থাপন কৰি বাঃ বাঃ লবৰ কাৰণে যত্নপৰ হৈছে।স্বাস্থ্যখণ্ডত আগৰ তুলনাত বহু পৰিবৰ্ত্তনো হৈছে, বহু ঠাইত ৰাইজে ইয়াৰ পৰা বহু সকাহ পাইছে। যদিও বহু ঠাইত দুখীয়া এতিয়াও পানীত হাঁহ নচৰা অৱস্থা হৈয়েই আছে। বেমাৰ ন’হলেই ভাল হ’লেই যেন আহে যমকাল।মৰিগাওঁ জিলাৰ অন্তৰ্গত বৃহত্তৰ কপাহেৰাত থকা ১৯৫৮ চনত স্থাপিত ৰাজ্যিক চিকিৎসালয়খন (বৰ্ত্তমান পৰিপূৰক স্বাস্থ্যকেন্দ্ৰ হ’ল)ত প্ৰায় দুই বজাৰ পিছত চিকিৎসক নাথাকে। দেওবাৰে  সম্পূৰ্ণ বন্ধ থাকে। দুই বজাৰ পিছত দুগৰাকী নাৰ্চৰ বাহিৰে অন্য কাকো ৰাইজে নেপায়। যেন বেমাৰ-আজাৰ বোৰ দুই বজাৰ সময়খিনিলৈকে আহে পুৱা ১০ বজাৰ পৰা। আনহাতে আজি পৰ্যন্ত ইয়াত এখন এম্বুলেঞ্চৰ  ব্যৱস্থা নহ’ল। ছাফাই কৰ্মীৰো ব্যৱস্থা আজিৰোপৰি নহ’ল। ৬কিঃমিঃ দূৰত্বৰ চাবুক দৰাত থকা ৩০ খন বিচনাযুক্ত চিকিৎসালয়খনতো  পৰ্যাপ্ত চিকিৎসাসেৱা আৰু চিকিৎসকৰ অভাৱ। আকৌ ৫ কিঃমিঃ দূৰত্বত অৱস্থিত ভালুকমাৰী স্বাস্থ্য উপকেন্দ্ৰতো দেখাত চমৎকাৰ, কিন্তু ৰাইজৰ সেৱাৰ নামত ভেকোভাওনা।শুদ্ধভাষাত চৰকাৰী তথা ৰাইজৰ ধনবোৰ খাবৰ কাৰণেই এইবোৰ নিৰ্মাণ কৰা হৈছে। লক্ষ্য লক্ষ্য টকা স্বাস্থ্যসেৱাৰ নামত অপব্যয়, অপচয়। আমোল-বিষয়া আৰু স্থানীয় বিধায়কৰ টকা ঘটাৰ সুৰ্বল-সুযোগ।গিৰীত গাইছে হৈছে, এনেধৰণৰ অনুষ্ঠানবোৰ। কপাহেৰাত চিকিৎসক থকাৰ পৰ্যাপ্ত সুবিধা আছে কিন্তু নেথাকে। মৰিগাঁও, ৰহাৰ পৰা অহা-যোৱা কৰে। ৰাইজে দুৰ্ভোগ ভূগি আহিছে বেমাৰ আজাৰৰ নামত। চৰকাৰে অন্ততঃ দুজন চিকিৎসক আৰু এম্বুলেঞ্চৰ ব্যৱস্থা অধিক জনবসতি থকা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা অঞ্চলসমূহত দিয়াতো নিত্যন্তই জৰুৰী। মৰিগাঁও অসামৰিক চিকিৎসালয়খনতো নিৰ্ভৰযোগ্য  চিকিৎসা পোৱাৰ পৰা বহু সময়ত বঞ্চিত হয় দুখীয়া জনসাধাৰণ। বহু অভিযোগ বাতৰি কাকতত ৰাইজে পঢ়িবলৈ পাই আহিছে মৰিগাঁও চিভিলখনৰ বিষয়ে। গতিকে  সচেতন মহলে অসমৰ স্বাস্থ্যমন্ত্ৰী গৰাকীক এই বিষয়বোৰৰ ওপৰত তদন্ত কৰি ইয়াৰ পৰা পৰিত্ৰাণৰ ব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনাইছে।