চিকিৎসকৰ গাফিলতিত মৃত্যু হোৱা নাছিল তেজস্বিতাৰ

Pc ETV Bharat

চিকিৎসকৰ গাফিলতিত মৃত্যু হোৱা নাছিল তেজস্বিতাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৫ অক্টোবৰত মাজুলীৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামী চিকিৎসালয়ত আকস্মিকভাৱে মৃত্যুক সাবটি লোৱা তেজস্বিতা বৰুৱাৰ মৃত্যুৰ প্ৰতিবেদন পোহৰলৈ আহিল।মৃগী ৰোগী আছিল তেজস্বিতা।নিয়মিতভাৱে ঔষধ খোৱা নাছিল তেজস্বিতাই।মাক দেউতাকে ঔষধ খোৱা বন্ধ কৰা বাবেহে মৃত্যু হৈছিল তেজস্বীতাৰ।মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ তথ্য প্ৰকাশ কৰি মাজুলীত এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,’মাজুলীৰ উদীয়মান শিল্পী তেজস্বিতাৰ চিকিৎসকৰ গাফিলতিত মৃত্যু হোৱা নাছিল।নিয়মীয়া ঔষধ সেৱন বন্ধ হৈ থকাৰ বাবেহে মৃত্যু হৈছিল তেজস্বিতাৰ।মাক দেউতাকে ঔষধ খুওৱা বন্ধ কৰা বাবেহে তেজস্বীতাৰ মৃত্যু হৈছিল।’মাজুলীৰ চিকিৎসা ব্যৱস্থাক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে,’মাজুলীত চিকিৎসাৰ ব্যৱস্থা উন্নত কৰিবলৈ হ’লে সাংবাদিকসকলে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব লাগিব।মাজুলীলৈ অহা চিকিৎসকক মৰম-চেনেহৰ বান্ধোনেৰে বান্ধি ৰাখিব লাগিব।চিকিৎসকৰ অকল বেয়া কামেই নহয় চিকিৎসকে কৰা ভাল কামৰো নিউজ কৰিব লাগে।’