চাৰি বছৰ নহয়, দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত হব ফুটবল বিশ্বকাপ

pc Sportstar - The Hindu

চাৰি বছৰ নহয়, দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত হব ফুটবল বিশ্বকাপ

অনলাইন বাৰ্ত্তাসেৱা- বিশ্ব ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফা ইইউৰোপীয় ফুটবল সংস্থাক চলিত বছৰৰ মে’ মাহত দুবছৰৰ মূৰে মূৰে বিশ্বকাপ আয়োজনৰ পৰিকল্পনাৰ কথা জানিবলৈ দিছে। ২০২৮ ৰ পৰা দুবছৰৰ মূৰে মূৰে বিশ্বকাপ আয়োজনৰ পৰিকল্পনা যুগুত কৰিছে ফিফাই। শেহতীয়াকৈ উৱেফাৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত ফিফাৰ এই  পৰিকল্পনাক লৈ বিস্তৃতভাৱে আলোচনা হৈছে। এই আলোচনাত ইউৰোপীয় ফুটবলৰ সৰ্বোচ্চ  সংস্থাটোৱে ফিফাৰ নতুন পৰিকল্পনাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বুলি জানিব পৰা গৈছে। প্ৰতি দুবছৰৰ মূৰে মুৰে ফুটবল বিশ্বকাপ অনুষ্ঠিত হ’লে ইউৰোপৰ ক্লাবসমূহ আৰ্থিকভাৱে ক্ষতিগ্রস্ত হ’ব বুলি শংকিত হৈছে উৱেফা। কিয়নো ফিফাৰ এই নতুন পৰিকল্পনা বাস্তৱায়িত হ’লে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ কেলেণ্ডাৰ সলনি কৰিব লাগিব। ইয়াৰোপৰি অন্যান্য প্রতিযোগিতা আয়োজনৰ ক্ষেত্ৰতো অসুবিধাৰ সৃষ্টি হ’ব। দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত হ’লে বিশ্বকাপৰ কোৱালিফায়িং ৰাউণ্ডৰ প্ৰতিযোগিতাসমূহ আয়োজনৰ বাবেও হাতত অধিক সময় নাথাকিব বুলি ইউৰোপীয় ফুটবলৰ সৰ্বোচ্চ সংস্থা উৱেফাই ফিফাক জানিবলৈ দিছে। তেওঁলোকে পুনৰ আপত্তি দৰ্শাইছে -চাৰি বছৰৰ মূৰত অনুষ্ঠিত হোৱা বিশ্বকাপৰ প্ৰতি অনুৰাগীৰ যি উৎকণ্ঠা আৰু আকর্ষণ থাকে, দুবছৰৰ সৱত অনুষ্ঠিত হ’লে সেই আকর্ষণ হ্রাস পাব।