চাৰিড়ীয়াক কোনে নিচুকাব- মৃগাংক বৰুৱা

Pc The Janambhumi

চাৰিড়ীয়াক কোনে নিচুকাব

(প্রয়াত হোমেন বৰগোহাঞিদেবলৈ শ্রদ্ধা নিবেদি)

 মৃগাংক বৰুৱা

(১)

ওৰে ৰাতি যন্ত্রণাকাতৰ উচুপনি এটি ভাঁহি থাকিল
সুখ নিদ্ৰাত থকা চুবুৰিটোৱে ভাবিলে
বাহিৰত শীতলতা কঢ়িয়াই বৰষুণ পৰিছে
দোকমোকালিতে নীৰ এৰা পক্ষীৰজাকেহে
স্বপ্ন, স্মৃতি বিষাদ কঢ়িয়াই
বেলিটিক প্রথমে খবৰ দিলে
তুমি ধূসৰ দিগন্তৰ কোনোবা
অজান দেশলৈ শেষ যাত্ৰা কৰাৰ কথা

আসঃ জাকৰুৱা পক্ষীৰ ঠোঁটৰ পৰা
অকস্মাৎ সৰি পৰিল হেমশস্য যেন
ব্যস্ততাৰে ভৰা, তোমাৰ বহুমূলীয়া সময়বোৰ…
গুণমুগ্ধৰ সেই এদিনৰ ডায়েৰীত (১২ মে, ২০২১ চন)
বিষণ্ণতা, নিঃসংগতা ভৰা শব্দবোৰ
এসাগৰ হৈ উপচিল
জোন, বেলি, তৰা ওলায়েই থাকিল
তোমাৰ শাৰীৰিক উপস্থিতিহে নাথাকিল।
(২)

নিথৰ হোৱা আঙুলিকেইটাৰ ফাঁকত
একমাত্র কলমটোৱেই একলব্য আছিল
সেয়ে ৰৌদ্ৰ নীলিমাৰে উজ্জীৱিত হৈ অব্যৰ্থভাৱে
বিপদৰ বন্ধু, তান্ত্রিক, কুশীলৱ, মোৰ হৃদয় এখন যুদ্ধক্ষেত্র
ৰামধেনু, চিন্তা তৰংগৰ দৰে গ্ৰন্থৰ
প্ৰতিখিলা পাতৰ শব্দই শব্দই
লক্ষ্য ভেদ হ’ল জনপ্ৰিয়তাৰ
সঁচা মানুহ বোলাৰ গৌৰৱেৰে হ’লা আসীন
অসমবাসীৰ বাবে হৈ গ’লা ডাৰউইন
বহুজনৰ বাবে আকৌ বেঞ্জামিন ফ্রেংকলিন

(৩)

তুমি আত্মানুসন্ধান আৰু জীৱনৰ সাধনাৰে
জীৱন জিজ্ঞাসা জগাই প্রজ্ঞাৰ সাধনাৰে
যুৱ প্ৰজন্মক আত্মদীপো ভৱ হ’বলৈ
কোৱাৰ কথা কোনে নাজানে
উচ্চাকাংক্ষা কি
তাক কথাবার্তাৰে কোৱাৰ কথা কোনে পাহৰিব
কেৱল সপ্তম দশকলেই নহয়
জিলিকি থাকিবা তুমি চিৰদিন চিৰকাল ।
অসমবাসীৰ হৃদয়ৰ মানচিত্ৰত
বিচিত্র অভিজ্ঞতা আৰু অনুভূতিৰ লিখনিৰে
অস্তিত্বৰ জ্যোতিময় চেতনা জগাই তোলা
প্ৰতিজন পাঠকৰ টোকা বহীত
ৰূপালী আখৰেৰে লিখি থ’ব
গদ্যৰ সাধনা, পোহৰৰ সাধনাৰ কথা
কাব্যিক সৌন্দৰ্যৰে জিলমিল হৈমন্তীৰ কথা
জীৱনৰ পৰা আমি কি বিচাৰোঁৰ কথা
হালধীয়া চৰায়ে বাওধান খোৱাৰ কথা
আৰু ইতিহাস সাক্ষী হৈ ৰ’ব
পিতাপুত্র, তিমিতীর্থ, অষ্টৰাগ, মসৎগন্ধাৰ বাবে ।

(8)

তোমাৰ স্নেহৰ তৰ্জনী চিনি বহুজনে
আস পাই গুনাইছিল বিভিন্ন কোৰাচ আৰু
গোপন হৃদয়ৰ সংবাদ
তোমাৰ কথাৰ মূৰত কথাতেই
পাইছিল জীৱনৰ উপহাৰ বহুত
সকলোৰে বাবে তুমি এটি সুৰীয়া বেলাড
জ্ঞান, শব্দ, কাব্যিক সুৰৰে সালংকৃত
সেয়ে, সুখ আৰু দুখতো
সৃষ্টি কৰি গ’লা গল্প আৰু নক্সাৰ
বহুজনৰ হতাশাৰ কৰুণ নিশ্বাসসক
জীৱনৰ মধুৰতম সময়ৰ কথা কৈ
কাম কৰাৰ আনন্দ দিলা
দিলা মোৰ যৌৱনৰ ৰামধেনুৰে ৰং

(৫)

তুমি যোৱাৰে পৰা
ৰহস্যময় বিষাদ আৰু যন্ত্ৰণাৰ
একোখন পালতৰা নাও
উজাই আহে মন নদীলৈ
প্রতিখন পালতেই যেন জিলিকে
পুৱাৰ পূৰৱী নিশাৰ বিভাষ, সুবালা
প্ৰেম আৰু মৃত্যুৰ কাৰণে, স্বৰ্গ আৰু নৰক
জীৱনৰ পৰা মই কি শিকিলো
মই যেতিয়া ক্লান্ত হওঁ
সাউদৰ পুতেকে নাও মেলি (যায়) যোৱাৰ বেটুপাতৰ ছবি…..

(৬)

তোমাৰ প্ৰেৰণাময় শব্দবোৰ
কোনে বুটলি ল’ব
তৰাৰ দেশলৈ যে গ’লা গুছি
আজি তৰাইহৈ তোমাক বিচাৰি পাব
চাৰিকড়ীয়াক কোনে নিচুকাব
তোমাৰ কথাশিল্পইহে জিলিকাই ৰাখিব
বুদ্ধৰ সৰিয়হ এমুঠি কোনে বিচাৰি দিব
পালোহেতেন যদি কৰবাত
আঁতৰাবলৈ বিভিন্ন নৰক
তৰিৎগতিৰে গ’লোহেতেন তালৈকে ধীয়াই
তুলিবলে তোমাক পুনৰ জীয়াই
হে মহীৰূহ—
তোমাৰ কালজয়ী গ্ৰন্থৰ সুবাসেৰেই
জীয়াই ৰাখিম হৃদয়ে হৃদয়ে
শব্দৰ চোতাল উপচাই
কাঁচিয়লি ৰ’দৰ সজীৱতাৰে…

(বিঃদ্ৰঃ- হোমেন বৰগোহাঞি ছাৰৰ জনপ্ৰিয় ৫৪ খন গ্ৰন্থৰ নাম এই কবিতাটিত সন্নিৱিষ্ট হৈ আছে।)