চাহ জনগোষ্ঠীৰ লোকবাদ্য ঢোল প্ৰশিক্ষণ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ উপাসনা কলাকেন্দ্রত চাহ জনগোষ্ঠীয় লোকবাদ্য “ঢোল প্রশিক্ষণ”ৰ শাখা মুকলি কৰা হয়। ২০০৪ চনত প্রতিষ্ঠালগ্নৰে পৰা নৱ প্ৰজন্মৰ শিক্ষাৰ্থীসকলৰ সংস্কৃতি সাধনাত ব্রতী হোৱা ডিব্ৰুগড়ৰ উপাসনা কলাকেন্দ্রই চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰাই চাহ জনগোষ্ঠীৰ লোক সংগীতৰ প্রণালীবদ্ধ অধ্যয়নেৰে ঢোলবাদ্যৰ এটি নিয়মীয়া প্রশিক্ষণ আৰম্ভ কৰিছে। এই উদ্দেশ্যে যোৱা ১০ মার্চত এটা গাম্ভীর্য্যপূর্ণ অনুষ্ঠানত মাঙ্গলিক উৰুলী ধ্বনিৰ মাজত চাহ জনগোষ্ঠীষ সাংস্কৃতিক মহাসভাৰ সভাপতি ৰাম চাচনিয়ে কলাকেন্দ্ৰৰ উপ-সভাপতি হলিৰাম ফুকনৰ সহযোগত বন্তি প্রজ্বলন কৰি প্ৰশিক্ষণ শাখাটি আনুষ্ঠানিকভাবে মুকলি কৰে। এই উদ্দেশ্যে আগবঢ়োৱা শুভেচ্ছামূলক ভাষণত তেখেতে অসমৰ চাহ জনগোষ্ঠীয় সমাজত সার্বজনীনভাবে প্রচলিত আৰু প্ৰতিষ্ঠিত ‘ঝুমইৰ লোক সংস্কৃতি’ৰ নৃত্য, বাদ্য আৰু গীতৰ প্ৰণালিবদ্ধ প্রশিক্ষণ আৰু অনুষ্ঠানটিয়ে অসমৰ অন্যতম সমৃদ্ধ লোক সংস্কৃতিৰ সম্পদৰাজিক জগতসভাত মৰ্য্যদাৰে প্রতিষ্ঠিত কৰিবলৈ সক্ষম হ’ব বুলি মত প্রকাশ কৰে। অনুষ্ঠানটিৰ আৰম্ভণীতে কলাকেন্দ্ৰৰ সভাপতি দীপক কুমাৰ দত্তৰ আদৰণি ভাষণৰ পিছতে মুখ্য অতিথি গৰাকীক এখনি ফুলাম গামোছাৰে কলাকেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি ঝর্ণা শইকীয়া গগৈয়ে আদৰণি জনায়। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক পৰমেশ্বৰ মাহাতুৱে অনুষ্ঠানটিত আমন্ত্রিত অতিথি হিচাবে যোগদান কৰি উপাসনা কলাকেন্দ্ৰৰ মহৎ পদক্ষেপক আদৰণি জনায়। ন- প্ৰশিক্ষাৰ্থীসকলৰ ঢোলৰ তালে তালে ঝুমইৰ নৃত্যৰ ন-প্ৰশিক্ষাৰ্থীসকলে নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ চাহ জনগোষ্ঠীয় স্বীকৃতিপ্ৰাপ্ত শিল্পী দিলীপ মৈৰাই অনুষ্ঠানত বিশিষ্ঠ অতিথি হিচাবে যোগদান কৰি ২০২৪ চনৰ ১০ মাৰ্চৰ দিনটোত উপাসনা কলাকেন্দ্রই চাহ জনগোষ্ঠীয় লোক সংস্কৃতিৰ উত্তৰোত্তৰ বিকাশৰ বাবে এটা শাখা মুকলি কৰাটো এটা স্মৰণীয় দিন হৈ ৰ’ব বুলি মত পোষণ কৰে। কলাকেন্দ্ৰৰ অধ্যক্ষ তৰুণ কুমাৰ গগৈয়ে চাহ জনগোষ্ঠীয় লোকসংস্কৃতিৰ অগ্রণী ব্যক্তি তথা কলাকেন্দ্ৰৰ ঢোল বাদন পাঠ্যক্ৰমৰ আহ্বায়ক তথা প্রশিক্ষক চনাৰাই ঘাটোৱাৰৰ নেতৃত্বত আৰম্ভ হোৱা এই পাঠ্যক্রমটি পূর্ণ বিকশিত হৈ ফুলে-ফলে জাতিষ্কাৰ হ’ব বুলি আশা প্রকাশ কৰি কলা সংস্কৃতি তথা জ্ঞানৰ অধিষ্ঠাত্রী দেবী আই সৰস্বতী আৰু পৰমপিতাৰ শ্ৰীচৰণত প্রণিপাত জনায়।