চাহপাতৰ গুণগত মান পৰীক্ষাৰ বাবে ডিব্ৰুগড়ত ভ্ৰাম্যমাণ পৰীক্ষণ বাহনৰ শুভউদ্বোধন মন্ত্ৰী বিমল বৰাৰ

চাহপাতৰ গুণগত মান পৰীক্ষাৰ বাবে ডিব্ৰুগড়ত ভ্ৰাম্যমাণ পৰীক্ষণ বাহনৰ শুভউদ্বোধন মন্ত্ৰী বিমল বৰাৰ
এম হাছিম  আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য ও ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি (৩০-৬-২৪) ডিব্রুগড়ৰ মনোহাৰী চাহ বাগিচাত কেচাঁ চাহপাতৰ গুণগত মান পৰীক্ষা কৰিবলৈ ভ্ৰাম্যমাণ পৰীক্ষণ বাহনৰ শুভউদ্বোধন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত ৰাজহুৱা সভাত মন্ত্রী বিমল বৰাই অসমৰ অৰ্থনীতিত চাহ উদ্যোগৰ অৱদান উল্লেখনীয় বুলি উল্লেখ কৰি কয় যে, অসমৰ চাহপাতৰ সমগ্ৰ বিশ্বজুৰি এক বিশেষ সমাদৰ আছে। তেওঁ বিশ্বত অসমৰ চাহৰ জয়যাত্ৰা অব্যাহত ৰাখিবলৈ চাহপাতৰ গুণগত মানদণ্ড উন্নত কৰাৰ লগতে অধিক মুনাফাৰ স্বাৰ্থত চাহ বাগিচাসমূহত নিষিদ্ধ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত থকিবলৈ আহ্বান জনায়। আনহাতে ভ্রাম্যমাণ পৰীক্ষণ বাহন অসমৰ ২০০ বছৰীয়া চাহ উদ্যোগৰ এক অন্যতম সংযোজন বুলি মন্তব্য আগবঢ়াই এই পৰীক্ষণ বাহনে অসমৰ চাহৰ মান অধিক উন্নত কৰাৰ লগতে খাদ্য সুৰক্ষা আৰু মানক কর্তৃপক্ষ  (এফ এচ এচ এ আই)এ নিৰ্ধাৰণ কৰি দিয়া বিধি মানি চলাটো সুনিশ্চিত কৰিব বুলি মন্ত্ৰী বিমল বৰাই জানিবলৈ দিয়ে। ইয়াৰোপৰি চাহৰ উচিত মূল্য লাভ কৰাত আৰু ‘অসম চাহপাত’ৰ ৰপ্তানি বৃদ্ধিতো সহায়ক হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।   এই উদ্বোধনী অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত সংঘমিত্ৰা বৰুৱা, জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ মুখ্য প্ৰৱন্ধক মৰ্গেন মেষ্টন, জ্যেষ্ঠ খাদ্য সুৰক্ষা বিষয়া লিনটুমনি কলিতা, অসম বটলিফ চাহ নিৰ্মাতা সন্থাৰ সভাপতি চান্দ গোহাঁই, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰুবুল হাতীবৰুৱা, ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিপিন কোঁৱৰ, ” উজনি অসম  ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সম্পাদক দিগন্ত হাজৰিকা, মনোহাৰী চাহ বাগিচাৰ  স্বত্বাধিকাৰী ৰাজেন লোহিয়া প্ৰমুখ্যে অন্যান্য স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।