চাকৰিৰ পৰা বৰ্খাস্ত হোৱা পঞ্জাৱৰ স্বাস্থ্যমন্ত্ৰী বিজয় চিংলাক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ

চাকৰিৰ পৰা বৰ্খাস্ত হোৱা পঞ্জাৱৰ স্বাস্থ্যমন্ত্ৰী বিজয় চিংলাক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্জাৱৰ স্বাস্থ্যমন্ত্ৰী বিজয় চিংলাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি ৰাজ্যখনৰ দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ভগৱন্ত মানে চিংলাৰ বিৰুদ্ধে “দৃঢ় প্ৰমাণ” লাভ কৰাৰ পিছত ৰাজ্যিক কেবিনেটৰ পৰা বৰ্খাস্ত কৰাৰ পিছতে এই কথা প্ৰকাশ পাইছে। মুখ্যমন্ত্রীৰ কার্যালয়ৰ পৰা জানিব পৰা মতে, চিংগলাই চুক্তিৰ বাবে বিষয়াসকলৰ পৰা ১% কমিছন দাবী কৰিছিল বুলি অভিযোগ উঠিছে৷