চাকৰিমুখী নহয়,কৃষিমুখী কৰক
জনসংখ্যাৰ ফালৰ পৰা ভাৰতবৰ্ষ সৰ্ববৃহৎ দেশ হোৱাৰ লগে লগে ইয়াৰ জনগণক সুস্থভাৱে পৰিচালনা কৰিবলৈ চৰকাৰৰো দায়িত্ব বাঢ়িল।প্ৰতিযোগিতাৰ যুগত আমি সকলোৱে হাতে হাত ধৰি আগবাঢ়ি গলেহে সমাজখন চলিব।যদি কেৱল আত্মকেন্দ্ৰিক ভাৱে সকলো কাম কৰা হ’য়।তেন্তে দেশত খুওৱ কম দিনৰ ভিতৰতে অস্থিৰতাই দেখা দিয়াৰ সম্ভাৱনা আছে।সেয়েহে দেশৰ প্ৰতিখন ৰাজ্যই সু-সিদ্ধান্তৰে জনগণক আগুৱাই লৈ যাবলৈ বদ্ধপৰিকৰ হোৱাটো নিতান্তই প্ৰয়োজন।আমিও আমাৰ অসম ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাওঁ যে ৰাজ্যখন যিহেতু কৃষিপ্ৰধান।তদুপৰি অসমত চৰকাৰী চাকৰি দিবলৈও নিবনুৱাৰ তুলনাত খালী পদ নহবগৈ।সেয়েহে কৃষিপ্ৰধান ৰাজ্য হিচাপে অসমৰ শিক্ষিত নিবনুৱা সকলৰ বাবে চৰকাৰে কৃষিবিভাগৰ জৰিয়তে এটা ডাঙৰ বাজেট নিৰ্ধাৰণ কৰিব লাগে।যি বাজেটৰ দ্বাৰাই অসমৰ চুকে কোণে সিঁচৰতি হৈ পৰি থকা সকলো কৃষিভূমিতে বতৰ অনুযায়ী সকলো ধৰণৰ খেতি কৰিবলৈ নিবনুৱা সকলক নিয়োগ কৰিব লাগে।যদি সম্ভৱ হয় তেন্তে প্ৰতি খন জিলাতেই চৰকাৰী ভাৱে খেতি কৰিবলৈ বিভাগত পদ সৃষ্টি কৰিব লাগে।সেই অনুপাতে যুৱক যুৱতী সকলক নিয়োগ কৰি মাহেকীয়া পাৰিতোষিক দিয়াৰ ব্যৱস্থা কৰিব লাগে।লগতে প্ৰতিখন জিলাৰ পৰা উৎপাদন হোৱা শস্য সমূহ চৰকাৰৰ শীতল ভঁৰালত সংৰক্ষণ কৰি অনান্য ৰাজ্যৰ লগতে বিদেশলৈও ৰপ্তানি কৰিব পাৰে।ইয়াৰ যোগেদি অসমত নিবনুৱা সমস্যা হ্ৰাস হোৱাৰ উপৰিও খাদ্য সামগ্ৰী ৰপ্তানিৰ দ্বাৰা ৰাজ্যখন লাভাম্বিত হ’ব আৰু বৰ্ধিত জনসংখ্যাৰ বাবেও খাদ্য সামগ্ৰীৰ নাটনি নহ’ব।সাধাৰণতে অসমত প্ৰায় সকলো ধৰণৰ কৃষিয়েই কৰিব পৰাকৈ জলবায়ু উপযোগী।গতিকে চৰকাৰে যদি এই ক্ষেত্ৰত অলপ গভীৰ ভাৱে চিন্তা-চৰ্চা কৰি আগবাঢ়িব খোজে তেনেহ’লে নিশ্চিতভাৱে অসমে অন্য এক সুকীয়া মৰ্যাদা লাভ কৰিবলৈ সক্ষম হ’ব।চৰকাৰী চাকৰিৰ বাবে যিমানখিনি পাৰে চৰকাৰে কৰিবই।তাৰ উপৰিও বাকী থকা সৰহ সংখ্যক নিবনুৱাৰ সংস্থাপনৰ বাবে অসমত যিহেতু বহু উদ্যোগ প্ৰতিষ্ঠানো নাই।সেয়েহে বিভিন্ন দিশৰ পৰা চৰকাৰৰো সুবিধা হোৱাকৈ খেতিয়েই হ’ব পাৰে নিবনুৱা সমস্যা সমাধানৰ অন্য এক বিকল্প।
সত্যজিৎ গগৈ
নাহৰকটীয়া