চম্পাৱতী হাইস্কুলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ

Pc DNA India

চম্পাৱতী হাইস্কুলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ

ৰঙিলী বাৰ্ত্তাসেৱা- সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত যোৱা বৰ্ষৰ দৰে এইবাৰো মহানগৰীৰ ধীৰেনপাৰা-গণেশপাৰাস্থিত চৰকাৰী প্ৰাদেশিকৃত চম্পাৱতী হাইস্কুলে এশ শতাংশ উত্তীৰ্ণৰে সুনাম কঢ়িয়াই অনাত অঞ্চলটোৰ স্থানীয় ৰাইজে আনন্দময় পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে৷উক্ত বিদ্যালয়খনৰ পৰা ৫১ জন পৰীক্ষাৰ্থীৰ ২৯ জনে প্ৰথম বিভাগ,২১জনে দ্বিতীয় বিভাগ আৰু ১ জনে তৃতীয় বিভাগ পাবলৈ সক্ষম হৈছে৷আনহাতে,৮ জনে বিভিন্ন বিষয়ত লেটাৰ পাবলৈ সক্ষম হৈছে৷